ধর্ষণকাৰীক বিচাৰ নকৰাকৈ জজ্ ফিল্ডত ফাঁচী দিব লাগে- ৰেকিবুদ্দিন আহমেদ

A

নিউজ ডেস্ক :

ধৰ্ষণকাৰীৰ বিৰুদ্ধে সৰৱ ছয়গাঁও কংগ্রেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ।'ধর্ষণকাৰীক বিচাৰ নকৰাকৈ চিধা জজ ফিল্ডত ফাঁচী দিব লাগে।যিসকল উকীলে সেই ধৰ্ষণকাৰীক ৰক্ষনাবেক্ষণ দিব যায় তেওঁলোকৰ ওপৰত ব্যৱস্থা লব লাগে'- এই মন্তব্য আহমেদৰ।

ধৰ্ষণকাৰীৰ কৰ্মকাণ্ডই এটা জাতিক অপমান লজ্জিত কৰে।ইছলামত কেতিয়াও কোনো দিনে কোৱা নাই এইবোৰ কাম কৰিবলৈ।এইবাৰক চিধা ফাঁচী দিব লাগে।তাৰ বাবে সকলোৱে দাবী জনাব লাগে- আহমেদে ক্ষোভ প্ৰকাশ কৰি কয়।

আনহাতে, শেহতীয়াকৈ ৰাজ্যত অভিযুক্তক গুলি মৰা ঘটনাৰ সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয়- ক্ষমতাৰ যাতে অপব্যৱহাৰ নকৰে।ক্ষমতাৰ অপব্যৱহাৰ কৰিলে তাক ইতিহাসে ক্ষমা নকৰিব।

আৰক্ষীও কৰোবাৰ পুত্ৰ।আইন শৃংখলা সুস্থ কৰি ৰখাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য।বহুজন অপৰাধী পাছত কিন্তু বাল্মিকী হৈ যায় তেওঁ লগতে কয়।

 অভিযুক্তক পৰাপক্ষত সুস্থ ভাৱে কৰায়ত্ত কৰিব লাগে বুলি আহ্বান জনায় আহমেদে।

Your Comments