মধ্য প্ৰদেশৰ জস্বমপুৰত অহা ১৮-২২ ছেপ্টেম্বছত অনুষ্ঠিত হ'ব লগীয়া ৩৭ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো আৰু দশম ৰাষ্ট্ৰীয় পুমছে চেম্পিয়নশ্বিপ অংশগ্ৰহণৰ বাবে অসমৰ খেলুৱৈ আৰু বিষয়ববীয়াৰে গঠিত ২৮জনীয়া দল এটি ঘোষণা কৰা হৈছে।
টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ সকল হৈছে- পুৰুষৰ শাখাত যতীন য়েইন (৫৪ কেজি অনুৰ্ধ), চানচুমা নাৰ্জাৰী (৫৮কেজি অনুৰ্ধ), মৃণাল মাইঅ' (৬৩ কেজি অনুৰ্ধ), আয়ুষ্মান দত্ত (৬৮ কেজি অনুৰ্ধ), অজয় (৭৮কেজি অনুৰ্ধ), সুৰজ সঞ্জয় (৮০ কেজি অনুৰ্ধ), অজয় পাল সিং (৮৭ কেজি অনুৰ্ধ) আৰু সিদ্ধাৰ্থ সিং (৮৭ কেজি ঊৰ্ধ) ইফালে মহিলাৰ শাখাত দীপিকা হাজৰিকা (৪৬ কেজি অনুৰ্ধ), ঐনাম খুমানলেইমা চানু (৪৯ কেজি অনুৰ্ধ), ৰাচিন বেগম (৫৩ কেজি অনুৰ্ধ), সবিতা ৰামচিয়াৰি (৫৭ কেজি অনুৰ্ধ), ৰেখাৰাণী গগৈ (৬২ কেজি অনুৰ্ধ), জয়শ্ৰীৰাণী কোঁৱৰ (৬৭ কেজি অনুৰ্ধ), এম জয়মালা দেৱী (৭৮ কেজি অনুৰ্ধ) আৰু ৰ'দালি বৰুৱা (৭৮ কেজি উৰ্ধ) ।
আনহাতে পুমছে প্ৰতিযোগিতাত ৰাজীৱ বসুমতাৰী , হৰ্ষ সিং, উন্মনা দাস, মধু কুমাৰী, বিনোদ দাস, প্ৰীতম কিশোৰ বৰা আৰু এছ কৃপণ সিঙে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে । ২৮ জনীয়া ঘোষিত এই দলটিত প্ৰশিক্ষক ৰূপে পুৰুষৰ হৰেণ ভূমিজ আৰু মহিলাৰ দ্বিপেন বৰ্মন থকাৰ লগতে আৰু মেনেজাৰ ৰূপে অৰূপ দাস, বিহুৰাম বড়ো তথা ঋতু পৰ্ণ ববুঢ়াগোহাঁই থাকিব ।
উল্লেখ যে এই খেলুৱৈসকলক তেজপুৰৰ শালনিবাৰীৰ এছ এছ বিত ২০ আগষ্টৰ পৰা ১২ ছেপ্টেম্বৰলৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল । জানিব পৰা মতে আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবেও ইয়াৰ পৰাই খেলুৱৈ বাছনি কৰা হ'ব । দলটিয়ে আজি মধ্য প্ৰদেশ অভিমুখে ৰাওনা হৈছে।
- Log in to post comments
- 16 views