অসম চৰকাৰে বঙাইগাৱঁত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তক আদৰণি জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে ৷ এক প্ৰেছ বিবৃতিত প্ৰাক্তন আক্ৰাছু নেতাগৰাকীয়ে অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ কৃতিত্বৰ দাবীদাৰ আক্ৰাছু বুলি উল্লেখ কৰি মন্ত্ৰী ফণীভূষণ চৌধুৰী নহয় বুলিও কয় ৷ ৰায়ে লগতে কয় য়ে ২০১০ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰ আৰু আক্ৰাছুৰ মাজত হোৱা আলোচনাৰ জৰিয়তে অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত হৈছিল ৷
কিন্তু তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেমাহি আৰু বঙাইগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক ফনীভূষন চৌধুৰীৰ বিৰোধিতা আৰু ষড়যন্ত্ৰৰ বাবে যোৱা আঠ বছৰে অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন নোহোৱাকৈ আছিল ৷ অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ নাম বীৰ চিলা ৰায় নতুবা মহাৰাজ নৰনাৰায়ণৰ নামেৰে নামাকৰণ কৰিবলৈ অসম চৰকাৰক অনুৰোধ কৰি বিশ্বজিৎ ৰায়ে যোৱা ২০১০ চনত অসম চৰকাৰ আৰু আক্ৰাছুৰ সতে হোৱা আলোচনাৰ জৰিয়তে বঙাইগাওঁ জিলাত বীৰ চিলা ৰায় ক্ৰীড়া- সাংস্কৃতিক আৰু কলা ক্ষেত্ৰ, চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় চৌহদ স্থাপনৰ বাবে লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰক আহ্বান জনায় ৷
লগতে ২০১৭ চনৰ ১০ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও চহৰৰ ভাকাৰিভিটাত আধাৰশিলা স্থাপন কৰা বীৰ চিলাৰায় সামাজিক সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰৰ গৃহ, পুথি ভঁৰাল, তোৰণ, সভা গৃহ আৰু চাৰি সীমাৰ বেৰ নিৰ্মাণৰ বাবে ৫ কৌটি টকা মঞ্জুৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনায় ৷ উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰো সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে বিবৃতিটোত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহকে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংসদত গৃহীত কৰিম বুলি লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গ্ৰহণৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মৌন সমৰ্থন দুৰ্ভাগ্যজনক আৰু ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যে এগৰাকী পুতলা মুখ্যমন্ত্ৰী সেয়া প্ৰমাণিত হ'ল বুলিও তেওঁ কয় ৷ এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে জাতি, মাটি আৰু ভেটিৰ স্বাৰ্থত পদত্যাগ কৰিবনে, নে জাতিক জলাঞ্জলি দি মুখ্যমন্ত্ৰীৰ চকী খামোচ মাৰি থাকিব বুলি তেওঁ প্ৰশ্ন কৰে ৷
- Log in to post comments
- 23 views