কোচ-ৰাজবংশীৰ জনজাতিকৰণক লৈ বিভাজনৰ ৰাজনীতি সোণোৱাল চৰকাৰৰ

কোচ-ৰাজবংশীৰ জনজাতিকৰণক লৈ বিভাজনৰ ৰাজনীতি সোণোৱাল চৰকাৰৰ

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণকলৈ শেহতীয়াভাৱে বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰে অতি পৰিকল্পিতভাৱে পক্ষপাতমূলক আচৰণ কৰি গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি মন্তব্য কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ৷  এক বিবৃতিত সংগঠনটোৰ সভাপতি অতুল ৰায় আৰু সাধাৰণ সম্পাদক জীৱেশ ৰায়ে কয় যে ছয় জনগোষ্ঠীৰ  জনজাতিকৰণকৰ দাবীকলৈ তিনিজনীয়া কেবিনেট উপ সমিতিয়ে অতি বৈষম্যমূলক আচৰণেৰে স্ব- জনগোষ্ঠীৰ এটা মাত্ৰ সংগঠনৰ লগত আলোচনা কৰি আন সকলো স্ব- গোষ্ঠীয় দল-সংগঠনক একাশৰীয়া কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত বিভাজন আৰু বিভেদৰ ৰাজনীতি আৰম্ভ কৰিছে ৷

বিজেপি  চৰকাৰৰ এনে ষড়যন্ত্ৰ কোনো কাৰণতে সফল হ'বলৈ নিদিয়ে বুলিও সংগঠনটোৰ নেতাদ্বয়ে স্পষ্ট কৰি দিয়ে ৷ নেতাদ্বয়ে বিবৃতিটোত আৰু কয় যে মন্ত্ৰী চন্দন ব্ৰহ্মৰ নেতৃত্বত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু কেশৱ মহন্তৰে গঠিত তিনিজনীয়া কেবিনেট উপ সমিতিয়ে ইতিমধ্যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বিভিন্ন জাতি - জনগোষ্ঠীৰ দল - সংগঠনৰ সৈতেআলোচনা কৰিছে ৷

কিন্তু অতি দুৰ্ভাগ্যজনক কথা এয়ে যে মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলা এটা স্বগোষ্ঠীয় কোচ ৰাজবংশী সংগঠনৰ লগত মাত্ৰ আলোচনা কৰি স্বগোষ্ঠীয় বাকী অন্যান্য দল - সংগঠনক সম্পূৰ্ণ অন্ধকাৰত ৰাখি জনগোষ্ঠীটোৰ জাতীয় দাবীটোকে কিদৰে অৱদমন কৰি ৰাখিব পাৰি  তাৰহে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ সেয়ে সংগ্ৰাম সমিতিয়ে এনে চৰকাৰী বিভেদ - বিভাজনৰ ৰাজনীতিক তীব্ৰ গৰিহণা দিয়াৰ লগতে সকলো কোচ ৰাজবংশী জাতীয় দল - সংগঠনৰ লগত আলোচনাৰ যোগেদিহে সমস্যা সমাধানৰ উপায় উদ্ভাৱন কৰিবলৈ আহ্বান জনায় ৷
 

Your Comments