এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই যোৱা ৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত ১৫ বিধ নথিৰ ভিতৰত পাঁচ বিধ নথিৰ বৈধতা কৰ্তন কৰাৰ কাৰণে যি আবেদন পত্র দাখিল কৰিছে তাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছু ৷ আজি দিনৰ ১১ বজাৰ পৰা ১বজালৈকে আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত মঙ্গলদৈ জিলা পুথিঁ ভঁড়াল প্রাংগণত কৰ্মীৰ উপস্থিতিত প্রতীক হাজেলা হায়,হায়,অসম চৰকাৰ হায়,হায়,প্রতীক হাজেলাৰ মইমতালি বন্ধ কৰক আদি ধৱনিৰে উত্তাল কৰি তোলে আমছুৱে ৷
- Log in to post comments
- 21 views