কৃষি সমস্যাক লৈ কৃষিমন্ত্ৰীৰে বৈঠক ভাৰতীয় কিষাণ সংঘৰ নেতৃত্বত বিশেষজ্ঞৰ দলৰ 

Pic

অসম সচিবালয়ত কৃষিমন্ত্ৰী অতুল বৰাৰ সৈতে ভাৰতীয় কিষাণ সংঘৰ নেতৃত্বত এটা বিশেষজ্ঞ তথা অভিজ্ঞ কৃষি উদ্যমী ব্যক্তিৰ সঁজাতি দলে ৬ জুলাইত  আলোচনাত মিলিত হয়। এই বৈঠকত 'নেৰামেক'ৰ অৱসৰপ্ৰাপ্ত সঞ্চালক সুভাষ ভট্টাচাৰ্য্য, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ  অৱসৰপ্ৰাপ্ত সঞ্চালক ড: হেমেন ভটাচাৰ্য্য, আই আই টি, গুৱাহাটীৰ বায়'চাইন্স বিভাগৰ অধ্যাপক ড: উৎপল বৰা, কৃষি উদ্যোগী শংকৰাচাৰ্য্য ৰাভা, ভাৰতীয় কিষাণ সংঘৰ ৰাজ্যিক সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা, ৰাজ্যিক সম্পাদক বিশিষ্ট কৃষক কুমুদ চহৰীয়াকে প্ৰমুখ্যে কৰি ৮ জন ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

এই বৈঠকত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাইও অংশগ্ৰহণ কৰে। বৈঠকত আগন্তুক বাজেট অধিৱেশন উপলক্ষে কৃষি আৰু আনুসংগিক ক্ষেত্ৰ সন্দৰ্ভত এক ১৩ দফীয়া পৰামৰ্শৱলী কৃষিমন্ত্ৰীক প্ৰদান কৰা হয়। লগতে অন্যান্য ক্ষেত্ৰত কৃষকে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।

খাদ্য সংসাধন, উদ্যান শস্য, কৃষি বাণিজ্যীকিকৰণ, চৰকাৰী আঁঁচনিৰ সঠিক কাৰ্যৰূপায়ণ, পশুপালন, জৈৱিক কৃষি আদিৰ বিষয়ত বিস্তৃতভাৱে এই বৈঠকত আলোচনা কৰা হয়। কৃষকৰ সামগ্ৰিক উন্নয়নত সকলোধৰণৰ সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিব বুলি কৃষি মন্ত্ৰীয়ে সঁজাতি দলটোক আশ্বাস প্ৰদান কৰে।

Your Comments