মহাৰাষ্ট্ৰত ১২বিজেপি বিধায়কক ১বছৰৰ বাবে নিলম্বন

A

নিউজ ডেস্ক :

মহাৰাষ্ট্ৰত ১২গৰাকী বিজেপিৰ বিধায়কক নিলম্বন।এক বছৰৰ বাবে বিধানসভাৰ পৰা নিলম্বন কৰা হৈছে বিধায়ক কেইজনক।

বিধায়ক কেইজনে বিধানসভাত অভৱ্য আচৰণ কৰা অভিযোগত নিলম্বন কৰা হৈছে।অ'বিচি আসন সংৰক্ষণক লৈ বিধায়ক কেইজনে হুলস্থুল কৰিছিল বিধানসভাত।

উল্লেখ্য  যে ,বিধানসভাৰ অধ্যক্ষক বিজেপি বিধায়ক কেইগৰাকীয়ে গালি-গালাজ কৰিছিল।অধ্যক্ষ গৰাকীয়ে বিধানসভাত একবছৰৰ বাবে ১২জন বিধায়কক নিষিদ্ধ কৰিছে।

ইফালে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰানাবিচে সমগ্ৰ ঘটনা  অন্যায় বুলি অভিহিত কৰা লগতে বিজেপিৰ বিধায়ক কেইগৰাকীৰ বিৰুদ্ধে ভুৱা অভিযোগ বুলি দাবী কৰিছে।

Your Comments