গড়ভঙা বনাঞ্চললৈ যোৱা দুই যুৱক জয়ন্ত কছাৰী আৰু কুশল কলিতা সন্ধানহীন : জয়ন্ত কছাৰী বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ খুলশালি

A

নিউজ ডেস্ক :

অসম বিধানসভাৰ অধ্যক্ষ তথা প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ খুলশালি সন্ধানহীন।গুৱাহাটীৰ গড়ভঙা বনাঞ্চলৰ পৰা সন্ধানহীন হৈছে জয়ন্ত কছাৰী।পৰিয়ালৰ সন্দেহ কোনো লোকে অপহৰণ কৰিছে জয়ন্তক।

উল্লেখ্য যে  জয়ন্তৰ ঘৰ নুনমাটি বিষ্ণু ৰাভা নগৰত।গড়ভঙা বনাঞ্চললৈ গৈছিল জয়ন্ত।তাৰ পাছৰ পৰা নিখোজ হৈ আছে।জয়ন্তৰ সৈতে কুশল কলিতা নামৰ ব্যৱসায়ী এজনো আছিল।কিন্তু বৰ্তমান দুয়োগৰাকীৰ নাই কোনো সন্ধান।

গড়চুক আৰক্ষীয়ে সন্ধানহীন দুই যুৱকক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে।সন্দেহ কৰা হৈছে কোনো উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিব পাৰে বুলি।

বুধবাৰৰ ৰাতিৰ পৰা সন্ধানহীন হৈ আছে দুয়োজন। 

উল্লেখ্য যে , জয়ন্ত কছাৰী বিটিছিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ  ভাতৃ বুলি জানিব পৰা গৈছে।

ইফালে উগ্ৰপন্থীয়ে যুৱক দুজনক যদি অপহৰণ কৰিছে তেন্তে সুস্থ শৰীৰে ঘূৰাই দিয়াৰ কাতৰ আহ্বান জনাইছে পৰিয়ালে।

Your Comments