মুকলি আকাশৰ তললৈ আহিল বিধায়ক অখিল গগৈ:ন্যায়িক ব্যৱস্হা স্বতন্ত্ৰ-স্বাধীন হৈ আছে

A

নিউজ ডেস্ক : 
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰাই কাৰামুক্ত অখিল গগৈ।মুক্ত হৈ মুকলি আকাশৰ তললৈ আহি নিজৰাপাৰৰ বাসগৃহলৈ যায় গগৈ।তাত কাৰাবন্দী জীৱনৰ  বয়-বস্তু থৈ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰথম শ্বহীদ চেম ষ্টেফৰ্ডৰ হাটীগাওঁ স্থিত বাসগৃহলৈ যায়।তাত চেমৰ পিতৃ-মাতৃক সেৱা কৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ গান্ধীবস্তিৰ মুখ্য কাৰ্যালয়লৈ আহে গগৈ।তাৰ পৰা পোনে পোনে মঠঘৰীয়া ৰাইজৰ দলৰ কাৰ্যালয়লৈ যায়।উল্লেখ্য যে,  দল- গঠন হোৱা পূৰ্বৰে পৰা বন্দী হৈ থকা নেতাগৰাকীৰ সভাপতি হিচাপে দলীয় কাৰ্যালয়ত প্ৰথম উপস্থিত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত স্বতন্ত্ৰ-স্বাধীন ন্যায়িক ব্যৱস্থা শেষ হৈছিল।কিন্তু চানমাৰি নিয়া'ৰ বিশেষ আদালতে ঐতিহাসিক ৰায় দি প্ৰমাণ কৰিলে ন্যায়ালয় স্বতন্ত্ৰ, স্বাধীন, কাৰ্যপালিকাৰ কথাত কাম নকৰে।ন্যায় ব্যৱস্থাৰ ইতিহাসত আজিৰ দিনটো গৌৰৱোজ্জ্বল দিন হিচাপে লিপিবদ্ধ হৈ থাকিব-গগৈয়ে কয়।

নিয়া ডিআইজি, দেশৰ গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত পদত্যাগ কৰিব লাগে বুলিও মুকলি হৈয়ে কটাক্ষ কৰে গগৈয়ে।
 
আনহাতে, সমগ্ৰ ন্যায়িক প্ৰক্ৰিয়াত জড়িত হৈ থকা অধিবক্তাসকলক ধন্যবাদ জনায় কাৰামুক্ত বিধায়ক গৰাকীয়ে।সঠিক-ভদ্ৰ অধিবক্তাৰে নিষ্ঠাসহকাৰে মোৰ হৈ যুঁজদিছিল ন্যায়ালয়ত।

হিটলাৰী শাসন চলি থকা সময়ত ইমান স্বচ্ছ-নিকা ৰায়দান কৰিব বুলি কল্পনাৰো অতীত আছিল।ন্যায় ব্যৱস্থা স্বতন্ত্ৰ হৈ আছে।জনতাই কেৱল ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিব পাৰে বুলি উল্লেখ কৰি গগৈয়ে কয়- 'এবছৰ সাতমাহ মোৰ খাই দিলে।বাহিৰত থকা হলে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে হেতেন।পৰিয়াল তোক ধ্বংস কৰিলে'।

অসমবাসীক উদ্দেশ্য কৰি গগৈয়ে সত্যৰ সদায় জয় বুলি উল্লেখ কৰি কয়- 'সদায় সততাত আছিলোঁ। নিষ্ঠাৰে জনগণৰ প্ৰতি সেৱাৰ আগবঢ়াব খুজিছিলোঁ।কোনোদিন Bআপোচ, দুই-নম্বৰী নকৰাকৈ কাম কৰিছিলোঁ বাবে এনেধৰণৰ ৰায়  পালোঁ'।

Your Comments