অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰা , কি কি আলোচনা হ’ল পঢ়ক

A

নিউজ ডেস্ক :
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মূখ্য কাৰ্যালয়ত মন্ত্ৰী অতুল বৰা।যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰে অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী বৰা মিলিত হয় অনানুষ্ঠানিক বৈঠকত।

অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত মন্ত্ৰী বৰাক দিহা-পৰামৰ্শ আগবঢ়াই সংগঠনৰ নেতৃত্বই।চুক্তি ৰূপায়ন সন্দৰ্ভত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীক।যুৱ- ছাত্ৰ পৰিষদে মন্ত্ৰী গৰাকীক অসম চুক্তি কাৰ্যকৰী সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰে।

ইফালে এনআৰচিৰ পুনৰীক্ষণত চৰকাৰৰ দাবীৰ প্ৰতি সমৰ্থন জনাব যুৱ ছাত্ৰ পৰিষদে।কিন্তু তাৰ বাবে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰাৰো আহ্বান জনোৱা বুলি মন্ত্ৰী বৰাই কয়।

অসমৰ জাতীয় জীৱনৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এখন আনুষ্ঠানিক আলোচনাৰ আহ্বান জনায় যুৱ- ছাত্ৰ পৰিষদৰ- সভাপতি ৰানা প্ৰতাপ বৰুৱাই।

৭১চনৰ পাছত অহা বিদেশী চিনাক্ত আৰু বিতাৰণ কৰিব লাগে।লগতে সীমান্তত এশ শতাংশ চীলৰ দাবী কৰে সংগঠনটোৱে ।

চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৬নং দফা কাৰ্যকৰী কৰাৰ আহ্বান জনায় সংগঠনটোৰ সম্পাদক- পলাশ চাংমাই।

আনহাতে কৃষি মন্ত্ৰী হিচাপেও মন্ত্ৰী বৰাক জাতীয় সংগঠনটোৱে কিছু দিহা-পৰামৰ্শ আগবঢ়ায় ।ক'ৰনাত বিধ্বস্ত কৃষকক মাটি খাজানাৰ পৰা ৰেহাই দিবলৈও যুৱ ছাত্ৰ পৰিষদে আহ্বান জনায় মন্ত্ৰী গৰাকীক।

অসম চুক্তি ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ সহযোগিতা প্ৰয়োজন।৬নং দফা ৰূপায়ণৰ বাবে পূৰ্বতে কোনো চৰকাৰে ব্যৱস্থা লোৱা নাছিল কিন্তু যোৱা চৰকাৰখনে কমিটি গঠন কৰিছে।কমিটিৰ প্ৰতিবেদনৰ পাছতো বিষয়টো কিয় আগবঢ়া নাই তাৰ বাবে মুখ্যমন্ত্ৰী সৈতে বৈঠকত মিলিত হোৱা আশ্বাস দিয়ে মন্ত্ৰী বৰাই।

উল্লেখ্যে  যে মন্ত্ৰী বৰাই দায়িত্ব গ্ৰহণ কৰিয়েই সদৌ অসম ছাত্ৰ সন্থা কাৰ্যালয়তো আছু নেতৃত্বৰে মিলিত হৈছিল।

Your Comments