ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ দ্বায়িত্ব গ্ৰহণ ভৱেশ কলিতাৰ

A

নিউজ ডেস্ক :
ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ বিধায়ক ভৱেশ কলিতাৰ।বৰ্তমানৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কলিতাক সভাপতিৰ গুৰুদায়িত্ব অৰ্পণ কৰে।

ৰাজ্যিক বিজেপি হেঙেৰাবাৰী মুখ্যকাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত সভাপতিৰ দায়িত্ব কলিতাক অপৰ্ণ কৰে।

উল্লেখ্য  যে কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ফণী শৰ্মা প্ৰমুখ্যে বিজেপিৰ নেতাসকল উপস্থিত থাকে।

বিদায়ী সভাপতি ৰঞ্জিত কুমাৰ দাসে দায়িত্বভাৰ অৰ্পণ কৰি কয়- "মই কাৰো তলত কাম কৰা নাছিলোঁ অথবা মোৰ তলত কোনেও কাম কৰা নাছিল।আমি সদায় একেলগে দলৰ হৈ কাম কৰিছিলোঁ"।

আনহাতে দায়িত্বভাৰ গ্ৰহণ কৰি সভাপতি কলিতাই কয়-'সকলোৱে দিহা-পৰামৰ্শৰে দলক আগবঢ়াই নিব লাগিব।অধিক গতিশীল কৰি তুলিব লাগিব'।7

Your Comments