নিউজ ডেস্ক :
পৰিয়ালৰ সৈতে দুটা দিন হাঁহি- ধেমালিৰ অন্তত দেওবাৰে প্ৰায় ৩বজাত বন্দীত্ব জীৱনলৈ পুনৰ ওলাই আহিল বিধায়ক অখিল গগৈ।মৰিয়নি চেলেংহাটৰ মাতৃ গৃহত শনিবাৰে থাকি শোকাকূল পৰিৱেশৰ মাজত মাতৃ কোলাত মোৰ থৈ বিদায় ল'লে বন্দী নেতা গৰাকীয়ে।আদালতৰ নিৰ্দেশনা অনুসৰি ৰাতি ১০বজাত হাজিৰ হ'ব লাগিব বন্দী নেতা গৰাকী।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত যোৱা ডেৰ বছৰৰো অধিক সময় বন্দী হৈ আছে অখিল গগৈ ৷
মাতৃ-ভগ্নী আৰু আত্মীয় স্বজনক বিদায় জনাই ন্যায়ালয়ৰ নিৰ্দেশক সন্মান জনাই গুৱাহাটী অভিমুখে ৰাওনা হয় শিৱসাগৰৰ বিধায়ক গৰাকী।কাৰাগাৰৰ বন্ধ কোঠৰীলৈ ওলাই অহাৰ সময়ত গগৈয়ে কয়- অসমৰ ভাঙি যাব ধৰা অৰ্থনীতি উদ্ধাৰ কৰিব লাগিব।একনায়কত্ব বাদী ৰাজনীতিৰ পৰা অসমখনক ৰক্ষা কৰিবলৈ সকলোৱে মাত মাতিব লাগিব।
উল্লেখ্য যে, NIA বিশেষ আদালতে দুটা দিনৰ বাবে পৰিয়ালক সাক্ষাৎ কৰাৰ অনুমতি দিছিল গগৈক।
- Log in to post comments
- 3 views