ঘৰলৈ আহি ভাল লাগিল : দুৰ্যোগৰ মাজতো পত্নী গিতাশ্ৰী তামুলীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে -বিধায়ক অখিল গগৈ

A

নিউজ ডেস্ক :

নিশাটো পত্নী গিতাশ্ৰী তামুলী আৰু পুত্ৰ নচিকেতাৰ সৈতে নিজৰাপাৰৰ 
বাসগৃহত কটাই আজি পুৱাই মাতৃ  প্রিয়দা গগৈৰ মৰিয়নি চেলেংহাটৰ ঘৰলৈ ৰাওনা হয় বিধায়ক অখিল গগৈ।কাৰাৰুদ্ধ বিধায়ক গৰাকীয়ে ডেৰ বছৰৰ পাছত দেখা পাব নিজ মাতৃক।

নিজৰাপাৰ বাসগৃহৰ পৰা যোৰহাটলৈ যোৱা সময়ত বিধায়ক গগৈয়ে কয়-'বহু দিনৰ মূৰত ঘৰলৈ আহি যোৱা ৰাতি একেবাৰে শুৱা নহ’ল।লৰাটোৰ মানসিক অৱস্থা বেয়া, দুখত আছিল ৰাতিটো তাৰ লগত কটালোঁ।এতিয়া পুলিচৰ লগত যাম বাবে লগত তাক লৈ যাব নোৱাৰিলোঁ।কালি ৰাতি দেখা আৰু এতিয়া মাতষাৰ মাতি অহা টোৱে তাৰ লগত শেষ কথা'।

'দুখৰ মাজতো ঘৰলৈ আহি ভাল লাগিল।দুৰ্যোগৰ মাজতো মোৰ পত্নী গিতাশ্ৰী তামুলীয়ে দুটা দিনৰ পূৰ্বে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।গুৱাহাটী আইআইটিত 'লক্ষ্মীনাথ বেজবৰুৱা এণ্ড হিচ টাইম' শীর্ষক গৱেষণাৰ বিষয়ত এই সন্মান লাভ কৰিছে।দুৰ্যোগৰ মাজত তেওঁ এই সন্মান পাইছে ঘৰখনৰ বাবে এটা ডাঙৰ কথা'- গগৈয়ে কয়।

চৰকাৰে ভেল্কীবাজি এৰি ক'ৰনাই বিধ্বস্ত কৰা অৰ্থনীতি ভাল কৰিব লৈ চাব লাগে।নিজৰ গাত চিকুটি চাওক কেনেদৰে চলি আছে।অৰ্থনৈতিক অৱস্থা খুব বেয়া।তাৰ বাবে সকলোকে আহ্বান ৷  অসমখন  পুনৰ গঠনৰ বাবে , ফাঁকিবাজিৰে নহয়, আন্তৰিকতাৰে কাম কৰিব লাগিব।অহা তিনি-ছমাহলৈ নগদ ধনেৰে অসমবাসীক ক্ষতিপূৰণ দি অসমখন আগবঢ়াই নিব লাগে- বিধায়ক জনে কয়।

আনহাতে যোৰহাটত থকা মাতৃৰ লগত শনিবাৰে নিশাটো কটাব বিধায়ক অখিলে।

'সমষ্টি শিৱসাগৰলৈ যাবলৈ আদালতৰ পৰা অনুমতি বিচাৰিছিলোঁ কিন্তু নাপালোঁ।আগন্তক বাজেট অধিৱেশনত শিৱসাগৰৰ প্ৰশ্নবোৰ উত্থাপন কৰিম।শিৱসাগৰবাসী ৰাইজক হাতজোৰ কৰিছোঁ।আশা কৰো কেইদিনমানৰ পাছতে মুকলি আকাশৰ তললৈ ওলাই আহিম।শিৱসাগৰক ঐতিহ্য নগৰীৰূপে ঘোষণা কৰাত উদ্যোগ লম'- মাতৃ কাষলৈ যোৱা অখিলে এইদৰে কয়।B

Your Comments

Related Articles