ৰাজ্যৰ ৪-৫টা সমষ্টিত উপ-নির্বাচন হোৱাৰ সম্ভাৱনা আছে। আৰু কোনো বিধায়ক অহাৰ বিষয়ত যোগাযোগ হোৱা নাই- এই গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।
মিত্ৰদলক বিজেপিয়ে মৰ্যদা প্ৰদান কৰিছে তাৰ ছবি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰবিধায়ক গঠনতে দেখিবলৈ পোৱা যায়। বিৰোধীৰ বিধায়ক সকলৰ সৈতেও মাহত এবাৰকৈ মন্ত্ৰীসকল বহিবৰ বাবে মুখ্যমন্ত্ৰীয়ে তালিকা প্ৰস্তুত কৰা বুলি মন্ত্ৰী দাসে কয়। গণতন্ত্ৰত আমি বিশ্বাসী।তাৰ বাবে বিৰোধী বিধায়ক, সকলো মন্ত্ৰীৰ সৈতে বহি মনৰ কথা আলোচনা কৰিব পৰাকৈ ব্যৱস্থা কৰা বুলি লগতে তেওঁ কয়।
উপ-নির্বাচন যেতিয়াই অনুষ্ঠিত কৰে বিজেপি দল সাজু থকা বুলিও দাসে কয়। “ভাৰতীয় জনতা পাৰ্টীৰ পৰৱৰ্তী সভাপতি কোন হ’ব সেয়া সভাপতি হিচাপে ময়ে নাজানো।কিন্তু দলৰ দক্ষ ব্যক্তিয়েই সভাপতি হ’ব”- লগতে তেওঁ কয়।
- Log in to post comments
- 27 views