নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে হালোৱাটিঙত পথ অৱৰোধ টাই-আহোম ছাত্ৰ সন্থাৰ

নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে হালোৱাটিঙত অনিৰ্দিষ্টকালীন পথ অৱৰোধ টাই-আহোম ছাত্ৰ সন্থাৰ

শিৱসাগৰ জিলা প্ৰশাসনৰ চূড়ান্ত অমনোযোগিতাৰ বিপৰীতে নগাৰ আগ্ৰাসী মনোভাবৰ বিৰুদ্ধে আমগুৰিত পুনৰ সৰৱ হৈ পৰিছে জাতীয় সংগঠন ।

অসম-নাগালেণ্ড সীমান্তৰ "এফ ছেক্টৰ"ৰ হালোৱাটিঙত বুধবাৰৰ পুৱা ১১ বজাৰ পৰা সদৌ টাই-আহোম ছাত্ৰ সন্থাই নাগালেণ্ডৰ বিৰুদ্ধে এক অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ।

অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসী ভূমিকাৰ প্ৰতিবাদত যোৱা জুলাই মাহত ডেৰকুৰিতকৈও অধিক জাতীয় সংগঠনে সন্মিলিতভাৱে এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ।

পৰৱৰ্তী সময়ত শিৱসাগৰ জিলা প্ৰশাসনে এই বিষয়সমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰি জাতীয় সংগঠনসমূহৰ স'তে কৰা আলোচনাৰ অন্তত এটা মাহৰ ভিতৰত বিষয়সমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত সকলোধৰণৰ প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰা হয় ।

সময়সীমা উকলি যোৱাৰ পাছতো কিন্তু জিলা প্ৰশাসনে কোনোধৰণৰ যাৱতীয় পদক্ষেপ গ্ৰহণ নকৰাত সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি পুনৰ হালোৱাটিঙত নাগালেণ্ড প্ৰশাসনে অসমৰ মাটিত স্থাপন কৰা সীমান্ত পৰীক্ষণ চকী নাগালেণ্ডৰ ভূমিলৈ স্থানান্তৰিত কৰা, নগাৰ আগ্ৰাসন বন্ধ কৰা,

হালোৱাটিঙত স্থাপন কৰিবলৈ লোৱা অসমৰ সীমান্ত পহৰা চকী (BOP) পূৰ্ব নিৰ্ধাৰিত স্থানতেই তৎকালে নিৰ্মাণ কৰা ৷

এইসমূহ দাবীৰে অনিৰ্দিষ্টকালীন পথ অৱৰোধ কাৰ্যসূচী পালন কৰি প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

Your Comments