হাজোৰ বাঙালপাৰা গাও পঞ্চায়তঃএম জি এনৰেগাৰ অধীনত ব্ৰহ্মপুত্ৰৰ গতি সলনিৰ চেষ্টা ৰাইজৰ

Pic

#বিশেষ প্ৰতিবেদক,হাজো,২০ জুনঃ

কামৰূপ জিলাৰ হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঙালপাৰা গাওঁ পঞ্চায়তত এম জি এনৰেগাৰ অধীনত বাঁঁহ,গছ আদিৰে বান্ধ দি ব্ৰহ্মপুত্ৰৰ গতি সলনি কৰি গৰাখহনীয়া ৰোধৰ চেষ্টা চলাই পঞ্চায়ত প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজে।

জানিব পৰা মতে,পঞ্চায়তখনৰ অধীনৰ তাপাবড়ী শনিবৰীয়া বজাৰৰ ভূমি উন্নয়ন আৰু গছপুলি ৰোপনৰ বাবে আঞ্চলিক পঞ্চায়তৰ এম জি এনৰেগাৰ অধীনত ২০২০-২১ বৰ্ষত প্ৰায় পোন্ধৰ লাখ টকাৰ আবণ্টন লাভ কৰে।পচিশ শতাংশ ধন মুকলি কৰা উক্ত আঁঁচনিখনৰ বিপৰীতে ইতিমধ্যে তাপাবড়ী শনিবৰীয়া বজাৰৰ ভূমি উন্নয়নৰ কাম কৰে।ইফালে,তাপাবড়ী ৰাইজৰ অন্য এক ডাঙৰ সমস্যা হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। চৰ এলেকা হিচাপে পৰিচিত তাপাবড়ী অঞ্চলৰ ৰাইজে শনিবৰীয়া বজাৰৰ প্ৰতি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰাত খহনীয়া প্ৰতিৰোধৰ বাবে কামৰূপৰ উপায়ুক্তক আবেদন জনায়।সেই মতে কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ব্ৰহ্মপুত্ৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

স্থানীয় ৰাইজৰ পৰা জনা মতে,তাপাবড়ী শনিবৰীয়া বজাৰৰ ভূমি উন্নয়নৰ নামত আৱন্টিত এনৰেগাৰ ধনৰে ব্ৰহ্মপুত্ৰৰ গতি বাঁঁহ,গছ আদিৰে সলনি কৰি শনিবৰীয়া বজাৰৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰাৰ বাবে স্থানীয় ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে।সেই মতে স্থানীয় ৰাইজ,পঞ্চায়ত প্ৰতিনিধি, বিভাগীয় বিষয়া,জে ই আৰু কৰ্মীসকলৰ মাজত হোৱা আলোচনাত সকলোৱে  ঐক্যমত পোষণ কৰে। প্ৰায় ২৮০ মিটাৰ দৈৰ্ঘ্যৰ বাঁঁহ আৰু গছৰ ডাল-পাতৰ বান্ধটোৱে ব্ৰহ্মপুত্ৰৰ পূৰ্বৰ গতি সলনি কৰিবলৈ সক্ষম হোৱাত তাপাবড়ী শনিবৰীয়া বজাৰৰ খহনীয়া বহু পৰিমাণে ৰোধ কৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

2

আনহাতে,অতিকৈ পিছপৰা বাঙালপাৰা গাওঁ পঞ্চায়তখনত এম জি এনৰেগাৰ অধীনত চলি থকা বাট-পথকে ধৰি বিভিন্ন উন্নয়নমূলক কাম-কাজে নতুন চৰকাৰখনৰ দিনতে এক নতুন মাত্ৰা লাভ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।এই ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি ,বিষয়া-কৰ্মচাৰীসকলকো বাঙালপাৰা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আগবাঢ়ি আহিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে।

 

 

Your Comments