পূব নলবাৰী ক'চিং চেণ্টাৰৰ উদ্যোগত খেলুৱৈৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

বিশ্বত্ৰাস ক'ৰ'না ভাইৰাচৰ পৰা ৰক্ষা পোৱাৰ হেতু চৰকাৰে বান্ধি দিয়া নিয়ম-নীতি অনুসৰি খেলুৱৈসকলে ঘৰতে আবদ্ধ থাকি নিজৰ নিজৰ অনুশীলন অব্যাহত ৰাখিছে যদিও খেলুৱৈসকল খোৱা-বোৱাক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই কথা অনুধাৱন কৰি ক'চিং চেণ্টাৰৰ খেলুৱৈসকলক সহায় কৰাৰ মানসিকতাৰে বিভিন্ন হৃদয়বান ব্যাক্তিৰ ওচৰত অনুৰোধ ৰখাত আটায়ে খেলুৱৈ সকলৰ দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে।

১৯ জুনৰ পুৱা জাজিয়াবাৰীৰ চ'কত পূব নলবাৰী কচিং চেণ্টাৰ, ধমধমা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ, নলবাৰী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ মুঠ ৪০ জন খেলুৱৈৰ মাজত চাউল, ডাইল, মিঠাতেল, আলু, পিয়াজ, বিস্কুট, চাবোন ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় এথলেটিকছ খেলুৱৈ, আন্তঃ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত ব্ৰঞ্জ মেডেল প্ৰাপক তথা ৰাষ্ট্ৰীয় ভলীবল আৰু এথলেটিকছ ৰেফাৰী প্ৰসন্ন তালুকদাৰে। তালুকদাৰে নিজেই খেলুৱৈৰ মাজত উপস্থিত থাকি খেলুৱৈসকলক সাহস আৰু প্ৰেৰণা যোগোৱাৰ লগতে খেলুৱৈসকলক ঘৰতে থাকি অনুশীলন অব্যাহত ৰাখি নিজকে সুস্থ কৰি ৰখাৰ পৰামৰ্শ আগবঢ়ায়। লগতে, সাধ্য অনুসাৰে পৰৱৰ্তী সময়ত খেলুৱৈসকলক সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।

খাদ্য বিতৰণী অনুষ্ঠানত উপস্থিত থাকে পূব নলবাৰী ক'চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস, কহিনুৰ পুথিভড়ালৰ সদস্য অৰূপ দাস আৰু টিংকু দাস। প্ৰসন্ন তালুকদাৰৰ মহানুভৱতাক খেলুৱৈ তথা স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Your Comments

Related Articles