“মাতৃ ৰূপম কুৰ্মী কংগ্ৰেছী হোৱাৰ বাবে কংগ্ৰেছৰ গৰ্ভত মই জন্ম হৈছিলোঁ। চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ বাবে মৰিয়নিবাসীলৈ মনত পৰিছে। সমষ্টিবাসীৰ বিশ্বাস -মৰম নাপাহৰো।" এই দৰে কয় ৰূপজ্যোতিব কুৰ্মীয়ে ৷ মৰিয়নি সমষ্টিৰ উন্নয়নৰ পথ যাতে স্তব্ধ নহয় তাৰ বাবে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে কুর্মীয়ে।
শুক্ৰবাৰে কংগ্ৰেছ দল ত্যাগ কৰি কুর্মীয়ে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ পৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ দুৰ্বলতাৰ বাবে সাংগঠনিক ভেটি দুৰ্বল হৈছে দলটোৰ বুলিও মন্তব্য কৰে তেওঁ। তৃণমূল কর্মীৰ কণ্ঠ শুনিবলৈ নিবিচৰাৰ ফলত ভেটি দুৰ্বল হৈছে দলৰ কুৰ্মীয়ে কয়।
'কংগ্রেছ দলত চাহ জনগোষ্ঠীৰ যুৱনেতা ৰূপে মোক গুৰুত্বহীন কৰিছে। যুৱ-নেতৃত্বক আগবাঢ়িবলৈ নিদিয়ে কংগ্ৰেছৰ নেতৃত্বই। চাহ জনগোষ্ঠী আৰু সৰু জনগোষ্ঠীৰ নেতাৰ কণ্ঠ নুশুনে কংগ্ৰেছৰ শীর্ষ নেতৃত্বই'- এই গুৰুতৰ অভিযোগ উত্থাপন কৰে কুর্মীয়ে।
প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত সৰৱ হৈ কুৰ্মীয়ে কয়- নির্বাচনৰ বিপৰ্যয়ৰ পিছত কংগ্ৰেছে দলটোক সুস্থি ভাৱে চলাই নিবলৈ চেষ্টা কৰিব লাগিছিল কিন্তু সেয়া নকৰিলে।বিৰোধী দলৰ দলপতিৰ দায়িত্বৰ বাবে ৪বাৰ বিধায়কৰূপে উপযুক্ত আছিলোঁ। তাৰ বাবে সাক্ষাৎকাৰো গ্ৰহণ কৰিছিল।বিৰোধী দলৰ দলপতি মোক দিম বুলি কৈয়ো নিদিলে।পৰৱৰ্তী সময়ত খালী হৈ থকা প্ৰদেশ কংগ্রেছৰ সভাপতিৰ পদ দাবী কৰিলোঁ সেয়াও নিদিলে। শেষত পাব্লিক একাউন্ট কমিটিটো মোক কোনো পদবী নিদিলে। নিৰ্দিষ্ট এটা ধৰ্মৰ লোকক কংগ্ৰেছ দলে প্ৰাধান্য দিয়া দেখা গৈছে বুলিও কুর্মীয়ে কয়।
প্ৰদেশ কংগ্ৰেছত এজন মানুহে দুই -তিনিটা পদবী পায়।দলৰ বিপৰ্যয়ৰ পিছত সভাপতিয়ে পদত্যাগ কৰি ফুৰিবলৈ গুচি নগৈ আকৌ খামোচ মাৰি সভাপতিৰ আসনখন ধৰি ৰখাৰ কি কাৰণ থাকিব পাৰে বুলি প্ৰশ্ন কৰি বিধায়ক কুৰ্মীয়ে কয়- ৰিপুন বৰা, ৰকিবুল হুছেইনে কংগ্ৰেছক শেষ কৰিলে।
আনহাতে, কুৰ্মীয়ে পদত্যাগ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এমহীয়া চৰকাৰৰ কৰ্মসূচীক প্ৰশংসাৰে উপচায় পেলায় ৷ ড্ৰাগছ বিৰোধী অভিযান, মঠ-মন্দিৰৰ ভূমি বেদখল মুক্ত, গো হত্যা বন্ধৰ বাবে লোৱা পদক্ষেপ প্ৰশংসনীয়- কুর্মীয়ে কয়।
মুখ্যমন্ত্ৰী গৰাকীৰ কাম কৰাৰ আগ্ৰহ, যুৱ চামক দিয়া গুৰুত্বত আকৰ্ষিত হৈ সোমবাৰে লখিমপুৰত বিজেপি দলত যোগদান কৰিব কুর্মীয়ে। আন দুজন বিধায়কে ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ সাজু হোৱা বুলিও তেওঁ কয়।
কুর্মীয়ে কংগ্ৰেছ দলটোক এজোপা বৰগছ বুলি উল্লেখ কৰি কয়-“বৰ গছজোপাৰ ডালবোৰ শুকাইছে, পাতবোৰ সৰিছে।কিন্তু বৰগছ জোপা থাকিব”।
- Log in to post comments
- 29 views