ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা চুক্তি হিচাপে খ্যাতি অৰ্জন কৰা ৩৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ ক্ষেত্ৰত হোৱা কেলেংকাৰী দেশৰ বৃহত্তম কেলেংকাৰী ৷
আজি গোলাঘাট জিলা কংগ্ৰেছ ভৱনত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ববিতা শৰ্মাই এক সংবাদমেলত এই দাবী কৰে ৷
তেওঁ লগতে ইচ্ছাকৃতভাৱে ৩৬খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ মূল্য প্ৰকাশ নাই কৰা বুলিও উল্লেখ কৰে । লগতে আগতীয়াকৈ প্ৰতিৰক্ষা কেবিনেট কমিটীৰ পৰা অনুমোদন নোলোৱাৰ অভিযোগো তোলে ববিতা শৰ্মাই ।
হিন্দুস্তান এৰ'নেটিক লিমিটেডৰ পৰা কাৰিকৰী প্ৰযুক্তি বেচৰকাৰী কোম্পানীলৈ হস্তান্তৰ কৰি জাতীয় স্বাৰ্থ বিসৰ্জন দিয়াৰ কথাও প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
আনহাতে, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এইচ এ এলক অংগুষ্ঠ দেখুৱাই ৩৬,০০০ কোটি টকাৰ 'অফছেট ঠিকা' ৰিলায়েন্সক প্ৰদান কৰি নিয়ম ভংগ কৰাৰ লগতে বেচৰকাৰী কোম্পানী ৰিলায়েন্সৰ যুদ্ধ বিমান নিৰ্মাণৰ অভিজ্ঞতা শূন্য বুলিও সদৰী কৰে ।
ইয়াৰ জৰিয়তে মো়ডী চৰকাৰে এক ভয়ংকৰ পুঁজিবাদৰ সূচনা কৰা বুলিও তেওঁ অভিযোগ কৰে ।
সংবাদমেলত এই সকলো কেলেংকাৰীৰ প্ৰকৃত তথ্য ৰাইজৰ আগত যুক্তিসহকাৰে দাঙি ধৰি ববিতা শৰ্মাই ৰাফেল ক্ৰয়ৰ মূল্য ৪১,২০৫ কোটি ৰাজহুৱা ধনৰ অপব্যয়ৰ কাৰণ দাঙি ধৰিবলৈ বিজেপি দল তথা চৰকাৰক আহ্বান জনায় ।
- Log in to post comments
- 29 views