ক'ৰ'নাৰ বাবে দ্বিতীয়াবাৰলৈ বাতিল হজ যাত্ৰা

Mecca

ক'ৰ’না অতিমাৰীৰ বাবে দ্বিতীয়বাৰলৈ বাতিল হ'ল হজ যাত্ৰা। চৌদি আৰৱে বিশ্ব হজ যাত্ৰীা বাবে জাৰি কৰিছে নতুন জাননী। ১৭ জুন অৰ্থাৎ বৃহস্পতিবাৰ পৰা ২২ জুনলৈ অনুষ্ঠিত হ’ব হজ। ক’ভিডৰ জটিল পৰিস্থিতিৰ বাবে আৰৱ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

ইফালে আৰৱ চৰকাৰৰ সিদ্ধান্ত পিছতে ভাৰত চৰকাৰেও বাতিল কৰিলে হজ যাত্ৰা। হজ যাত্ৰাৰ বাবে কৰা সকলো আৱেদন ইতিমধ্যে বাতিল কৰিছে ভাৰত চৰকাৰে।

উল্লেখনীয় যে আৰৱ চৰকাৰে জাৰি কৰা জাননী অনুসৰি কেৱল আৰৱত থকা সকলেহে এইবাৰ অংশগ্ৰহণ কৰিব পাৰিব হজ যাত্ৰাত।

এইখিনিতে উনুকিয়াব পাৰি যে যোৱা বছৰো ক'ৰনাৰ বাবে বাতিল হৈছিল হজ যাত্ৰা।

Your Comments