দিল্লী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত জামিন মঞ্জুৰ অসম কন্যা দেৱাংগনা কলিতাৰ

Debangana, Natasha, Asif

প্ৰায় ডেৰ বছৰ কাৰাবন্দী হৈ থকা অসম কন্যা দেবাংগনা কলিতাই অৱশেষত জামিন লাভ কৰিলে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তিহাৰ জেইলৰ ৬ নং কোঠাত বন্দী হৈ আছিল জেএনইউৰ ছাত্ৰী গৰাকী।

দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে দেবাংগনাৰ জামিন। 'কা' বিৰোধী আন্দোলন কৰি গ্ৰেপ্তাৰ হৈছিল দেৱাংগনা।পৰৱৰ্তী সময়ত জামিন লাভ কৰিছিল যদিও ২০২০ চনৰ ২৪মাৰ্চত দেবাংগনাৰ ওপৰত ভাৰত চৰকাৰে ইউএপিএ আইনৰ ধাৰা জাপি গ্ৰেপ্তাৰ কৰিছিল।

দিল্লী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল , অনুপ জয়ৰাম ভাম্বানীৰ আদালতে মঞ্জুৰ কৰিছে দেবাংগনাৰ জামিন। উল্লেখ্য অসম কন্যা গৰাকীৰ জামিন দুজন সাক্ষী আৰু ৫০ হাজাৰ টকাৰে ন্যায়ালয়ে মঞ্জুৰ কৰিছে।

উল্লেখ্য যে ন্যায়ালয়ে দেবাংগনাৰ লগত নাতাছা নাৰৱাল, আছিফ ইকবাল টানাহাৰো জামিন মঞ্জুৰ কৰিছে।

আনহাতে জামিন মঞ্জুৰৰ পিছতে দেবাংগনা মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰায় নিশ্চিত হৈছে।

Your Comments