কালাপাহাৰ খণ্ড বন কাৰ্য্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ অভিযান

Pic

*দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ*

বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলে এটা মাহৰ ভিতৰত সংমণ্ডলৰ অধীনৰ পাঁচটা বনাঞ্চলিক বিষয়া,কুৰিটাৰো অধিক খণ্ড বন বিষয়াৰ কাৰ্যালয়, বন শিবিৰৰ জৰিয়তে ৰাজহুৱা স্থান,পথৰ দাঁতিত,চৰকাৰী- বেচৰকাৰী কাৰ্যালয় চৌহদ, শিক্ষানুষ্ঠান চৌহদ আদিত পাঁচ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰি ৬ জুনত যোৰাবাটত কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল।তাৰ পিছত ১২ জুনত গুৱাহাটীৰ কালাপাহাৰ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত কালাপাহাৰস্থিত শংকৰ মাধৱ আশ্ৰম চৌহদ আৰু নৰকাসুৰ পাহাৰৰ ওপৰত দূৰদৰ্শন টাৱাৰৰ সমীপত গছপুলি ৰোপণ কৰা হয়।আশ্ৰম চৌহদত এটা মহানিমৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ' ভাস্কৰ ডেকাই। কাৰ্যসূচীত গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা,কালাপাহাৰৰ খণ্ড বন বিষয়া অসীম দাসকে ধৰি কেইবাজনো বনকর্মী উপস্থিত থাকে।

Pic

আনহাতে,কাৰ্যসূচীৰ লগত সংগতি ৰাখি খণ্ড বন কাৰ্য্যালয় চৌহদত অঞ্চলটোৰ ২০ জন খাটি খোৱা দুখীয়া লোকৰ মাজত চাউল,দাইল,মিঠাতেল,আলু,পিয়াঁঁজবিস্কুট,চাবোনকে ধৰি কিছু পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

ইফালে,খণ্ড বন বিষয়া অসীম দাসৰ নেতৃত্বত কাৰ্যালয়ৰ এটা বনকর্মীৰ দলে নৰকাসুৰ পাহাৰ আৰু শংকৰ মাধৱ আশ্ৰম চৌহদত কেবাটাও মহানিম,জামু,লেতেকু, হৰফল,পনিয়লকে ধৰি বিভিন্ন প্ৰজাতিৰ ফলাহাৰী গছপুলি ৰোপণ কৰি গৰু-ছাগলীয়ে খাব নোৱাৰাকৈ চেকাৰ দিয়ে।

Your Comments