অসম ৰাজ্যিক সমবায় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক লিমিটেড (এছৰ্কাড)ৰ এখন সাধাৰণ সভা ৰবিবাৰে নগাঁৱত অনুষ্ঠিত হৈ যায় । নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত সভাত বেংকৰ উন্নয়নৰ বাবে আলোচনা কৰা হয় । সভাত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ কাৰ্যৰ ওপৰত যুগুতোৱা প্ৰতিবেদন, ২০১৮-১৯ বৰ্ষৰ বাৰ্ষিক বাজেট আৰু আঁচনিসমূহৰ অনুমোদন জনোৱা হয় । সাধাৰণ সভাই বেংকটোৰ সামগ্ৰীক উন্নয়নৰ বাবে উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগে গঠন কৰা বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন শীৰ্ঘে কাৰ্যকৰী কৰিবলৈ দাবী জনায় ।
আনহাতে সমবায় সমিতিসমূহৰ অতিৰিক্ত পজ্ঞীয়ক গণ পেগুৰ নেতৃত্বত গঠন কৰা চাৰিজনীয়া সমিতিয়ে বেংকটো পুনৰ উজ্জীৱিত কৰিবৰ বাবে খচৰা দাখিল কৰাৰ ৰাজ্য চৰকাৰে ব্যৱস্থা নোলোৱাত সভাই ক্ষোভ প্ৰকাশ কৰে । এছৰ্কাড বেংকৰ অধক্ষ আনন্দ ভূষণ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য কাৰ্যবাহী সঞ্চালক, সঞ্চালক মণ্ডলীৰ সদস্য, বেংকৰ নিৰ্বাচিত প্ৰতিনিধি আৰু বেংকৰ ২৮টা শাখাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 14 views