শ্ৰীলঙ্কাৰ উপকূলত ৬ দিন ধৰি জ্বলিছে জাহাজ, সাহায্যৰ বাব আগবাঢ়ি গ’ল ভাৰতীয় কোষ্ট গার্ড

Fire on ship

যোৱা সপ্তাহৰপৰা ভাৰত মহাসাগৰত শ্রীলঙ্কাৰ কন্টেইনাৰ জাহাজত জ্বলিছে জুই। হাজাৰ চেষ্টাৰ পিছতো আয়ত্তলৈ আনিব পৰা নাই পৰিস্থিতি। এইবাৰ জুই নুমুৱাত সহায় কৰিবলৈ আগবাঢ়ি গ’ল ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ (Indian Coast Guard) ভেছেল।

Fire on ship

জানিবলৈ পোৱা গৈছে, এমভি এক্সপ্রেছ পার্ল নামৰ উক্ত জাহাজত কেমিকেল আৰু ইন্ধন সামগ্রী আছিল। ভাৰত মহাসাগৰত বন্দৰত প্ৰৱেশৰ আগত কলম্বোৰ উপকূলৰপৰা প্রায় ১৮ কিমি দূৰত জুই লাগি যায় জাহাজখনত। কেমিকেলৰপৰাই জুইৰ সূত্রপাত বুলিও উল্লেখ কৰা হৈছে।

Fire on ship

জাহাজত থকা মুঠ ২৫ জন সদস্যক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ইতিমধ্যে। তেওঁলোকৰ ভিতৰত ৫ জন ভাৰতীয় আছিল বুলি জানিব পৰা গৈছে। ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ 'বৈভৱ' আৰু 'বজৰা' নামৰ দুখন জাহাজ ইতিমধ্যে জুই নুমুৱা কাৰ্যৰ বাবে পঠোৱা হৈছে।

Fire on ship

সূত্রৰ খবৰ, যোৱা ১৫ মে’ত ভাৰতৰ গুজৰাটৰপৰা ১ হাজাৰ ৪৮৬টা কন্টেইনাৰ লৈ সাগৰপথেৰে ৰাওনা হৈছিল জাহাজখন ৷ কচমেটিকছ্‌ আৰু প্রায় ২৫ টন নাইট্রিক এছিড আছিল। কলম্বো হৈ সিঙ্গাপুৰ গৈছিল জাহাজখন। ভাৰতৰ প্রতিৰক্ষা মন্ত্রালয়ে জনাইছে, শ্রীলঙ্কাৰ তৰফৰপৰা সাহায্য বিচাৰিছিল। অগ্নি-নির্বাপন সুবিধা যুক্ত উক্ত দুখন ভেছেল পঠিয়াইছে ভাৰতে।

Fire on ship

জুই লগাৰ ঘটনা ৬ দিন পাৰ হৈ যোৱাত প্ৰদূষণৰ মাত্রাও বাঢ়িব বুলি আশঙ্কা প্রকাশ কৰিছে কেন্দ্রই ৷ সেয়ে ইতিমধ্যে চেন্নাইৰপৰা তুতিকোৰিন অনা হৈছে কোষ্ট গার্ডৰ হেলিকপ্টাৰো। সমগ্ৰ এলেকা আকাশপথেৰে পৰিদর্শন আৰু প্ৰদূষণৰ পৰিমাণ চোৱা হ’ব। গোটেইটো অভিযানত শ্রীলঙ্কাৰ কর্তৃপক্ষৰ সৈতে যোগাযোগ ৰাখি চলিছে ভাৰতৰ উপকূলৰক্ষী বাহিনীয়ে।

Your Comments