ক'ৰ’না আতংকৰ মাজতে আজি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ কবিনেট বৈঠক।বৈঠক খনত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।বুধবাৰে বৈঠকত প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা হয় সিদ্ধান্ত সমূহ।সংবাদমেল যোগে সিদ্ধান্ত সমূহ ঘোষণা কৰে কেবিনেটৰ মুখপাত্ৰ মন্ত্ৰী পিযুষ হাজৰিকাই।
কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু ইন্দিৰা মিৰি বিধৱা পেঞ্চনৰ ফাইল পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগে বিত্ত বিভাগলৈ ফাইল নপঠিওৱাকৈ নিজ বিভাগৰ বিত্তীয় সচিবজনে স্বাক্ষৰ কৰি ট্ৰেজাৰীলৈ পঠাব পাৰিব।দীনদয়াল দিব্যাংগ আঁচনিৰ ধন সমাজ কল্যান বিভাগে বিত্তীয় বিভাগলৈ নপঠিওৱাকৈ বিভাগৰ জ্যেষ্ঠ সচিব গৰাকীয়ে স্বাক্ষৰ কৰি ট্ৰেজাৰীত জমা দিব পাৰিব।
প্ৰতি মাহৰ ১০ তাৰিখে ১৩লাখ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ১লাখ ৭০ হাজাৰ ইন্দিৰা মিৰি বিধৱা পেঞ্চন আৰু ১লাখ ৬০ হাজাৰ দীনদয়াল দিব্যাংগ যোজনাৰ শিতাধিকাৰীয়ে একাউণ্টত ধন লাভ কৰিব।
বিটিচি-ৰ প্ৰশাসনিক সংস্কাৰৰ বাবে বৈঠকখনত গ্ৰহণ কৰা হয় সিদ্ধান্ত ।বৰ্তমান বিটিচি বিভাগটো ডব্লিউ পি.টি.বি.চি.-ৰ অধীনত আছিল কিন্তু এতিয়াৰ পৰা বড়োলেণ্ড ৱেলফেয়াৰ বিভাগ নামেৰে সুকীয়া বিভাগ হ’ব।
বড়োলেণ্ড প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বৈঠকখনত।তাৰ বিষয়া-কৰ্মচাৰী সকলক তাতে প্ৰশিক্ষণ দিব পৰা যাব।
কেবিনেটত গাৰ্জেন মন্ত্ৰীসকলৰ জিলাসমূহ ভাগ কৰি দিয়া হয়- বঙাইগাঁও, ধুবুৰী আৰু বৰপেটাৰ গাৰ্জেন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক নিযুক্তি।মন্ত্ৰী অতুল বৰাক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বাবে নিযুক্তি দিয়া হয়। ইউ.জি. ব্ৰহ্ম বাক্সা আৰু চিৰাং জিলাৰ গাৰ্জেন মন্ত্ৰী।চন্দ্ৰমোহন পাটোৱাৰীক দৰং, কামৰূপ আৰু কামৰূপ(ম) জিলাৰ দায়িত্ব দিয়া হয়।পৰিমল শুক্ল বৈদ্য কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই জিলাৰ দায়িত্বত থাকিব।কেশৱ মহন্তক গোলাঘাট আৰু মৰিগাঁও জিলাৰ বাবে নিযুক্তি দিয়া হয় ৷ ৰনোজ পেগু যোৰহাট আৰু শিৱসাগৰ জিলাৰ গাৰ্জেন মন্ত্ৰী।অশোক সিংহাল কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ গাৰ্জেন মন্ত্ৰী।যোগেন মহন দক্ষিণ কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ, সঞ্জয় কৃষাণ ধেমাজি আৰু উত্তৰ-লখিমপুৰৰ, অজন্তা নেওগ নলবাৰী, গোৱালপাৰা, দক্ষিণ শালমৰা জিলাৰ, পিযুছ হাজৰিকা নগাঁও, শোণিতপুৰ, বিশ্বনাথ জিলাৰ আৰু বিমল বৰাক মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্ব অৰ্পণ কৰা হয় ৷
উল্লেখ্য যে, প্ৰতিখন জিলাত গাৰ্জেন বিভাগৰ এগৰাকী সচিব থাকিব।গাৰ্জেন মন্ত্ৰী আৰু সচিব জনে জিলাখনৰ উন্নয়নৰ কামৰ তদাৰক আৰু নিৰীক্ষণ কৰিব লাগিব।
মাহত কমেও এবাৰ জিলা ভ্ৰমণ কৰিব লাগিব।জৰুৰীকালীন সময়ত অতিৰিক্ত ভাৱে যাব লাগিব।প্ৰাকৃতিক দুৰ্যোগৰ সময়ত অতিৰিক্ত ভাৱে মন্ত্ৰী গৰাকী যাব।প্ৰতিবাৰ জিলাৰ এটা চক্ৰ বিষয়া কাৰ্যালয় পৰিদৰ্শন কৰিব লাগিব।জিলাখনত চলি থকা সকলো চৰকাৰী আঁচনি নিৰীক্ষণ কৰিব লাগিব।লগতে চলি থকা কামৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগিব।বিশেষকৈ বাজেট প্ৰস্তুতৰ সময়ত দায়িত্বত থকা জিলাসমূহৰ পৰামৰ্শ প্ৰদান কৰিব মন্ত্ৰী সকলে।
আনহাতে কেবিনেটৰ আৰম্ভণিতে গোঁসাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক গজেন্দ্র নাৰ্জাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পৰিমল শুক্ল বৈদ্য আৰু ইউ.জি ব্ৰহ্মক মৃত নাৰ্জাৰীৰ ঘৰত গৈ অসম চৰকাৰৰ হৈ পৰিয়ালক সমবেদনা জনাবলৈ নিৰ্দেশনা প্ৰদান কৰিছে।মৃত বিধায়ক গৰাকীৰ শেষকৃত চৰকাৰী মৰ্য্যদাৰে সম্পন্ন কৰাৰ কথা ঘোষণা কৰে।
- Log in to post comments
- 15 views