আদৰ্শহীন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটক সুবিধা বাদী ঐক্য মঞ্চ আখ্যা মানস কোঁৱৰৰ

Picture

*ক'লা শিয়ালৰ চিঞৰত বাঘ নপলাই, আগন্তক পাঁচ বছৰ প্ৰতিবাদলৈ সাজু হৈ থাকক মুখ্যমন্ত্ৰী- চিতু বৰুৱা*

Picture
সোমবাৰে মাজ নিশা শিৱসাগৰ আৰক্ষীয়ে প্ৰতিবাদৰ ভয়ত আটক কৰা ছাত্ৰ মুক্তি, বীৰ লাচিত সেনা, অসম যুৱ-ছাত্ৰ সন্মিলন আৰু ৰাইজৰ দলৰ নেতাক মুকলি।মঙলবাৰে দিনৰ ভাগত মুকলি কৰি দিয়ে মানস কোঁৱৰ, জিন্টু মেচ, চিতু বৰুৱা আৰু পদ্মকান্ত দাসক।

উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত কাৰাবন্দী বিধায়ক অখিল গগৈ মানসিক ৰোগত আক্রান্ত বুলি কৰা মন্তব্য সন্দৰ্ভত ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী গৰাকীৰ এনে তীৰ্যক মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছিলি সচেতন মহলে। তাৰ পিছতে শিৱসাগৰ আৰক্ষীয়ে একাংশ জাতীয় সংগঠনৰ নেতাক বিচাৰি নিশা অভিযান চলায় ৷ উক্ত অভিযানত ঘৰত শুই থকা অৱস্থাৰ পৰাই নেতা কেইগৰাকীক উঠাই আনে।

ইফাল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰক ঘৰত নাপাই পিতৃ-মাতৃক অভিযানকাৰী আৰক্ষীৰ দলে বেয়া ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আটকাধীন ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ মুকলি হৈ বিজেপি চৰকাৰক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি কয়, সৎ সাহস আছে যদি যুক্তি তৰ্কত অংশগ্ৰহণ কৰক, অখিল গগৈক  বন্দী কৰি বিধানসভাত ডঃ হিমন্ত বিশ্ব শৰ্মাই ভীমৰ বচন মাতিছে। এই কাম কা-পুৰুষৰ লক্ষণ।

মুখ্যমন্ত্ৰী শৰ্মাক প্ৰত্যাহ্বান জনাই তেওঁ কয়- অখিল গগৈ নালাগে আমাৰ সৈতে তৰ্কত লিপ্ত হওঁক, দম চাওঁ।আমাৰ কর্মীৰ ওপৰত যিধৰণেৰে অত্যাচাৰ নমাই আনিছে ই গণতন্ত্ৰৰ বাবে অতি ভয়ংকৰ কথা। আন্দোলন কৰিব বুলি ভয়ত ৰাতি নিৰ্দোষী ডেকা ল’ৰা বিলাকক আটক কৰিছে- কোঁৱৰে কয়।

হিমন্ত বিশ্ব শৰ্মালৈ পুতৌ জন্মিছে। মুখ্যমন্ত্ৰীৰ গৰিমা-মৰ্যদা ৰাখিব পৰা নাই। মুখ্যমন্ত্ৰী হোৱাৰ তেওঁ যোগ্য নাছিল। তাৰ পিছতো ভাবিছিলোঁ মুখ্যমন্ত্ৰী হৈ নিম্ন পৰ্যায়ৰ কৌতুক অভিনেতা হিৰ’ আলমৰ চৰিত্ৰ এৰিব বুলি, কিন্তু নোৱাৰিলে"- মানসে কয়।

'অসমৰ সকলো কেলেংকাৰীত জড়িত হিমন্ত বিশ্ব শৰ্মা।পৃথিৱীৰ আটাইটকৈ আদৰ্শহীন মানুহ তেওঁ।
আদৰ্শহীনৰ এখন পৃথিৱীৰ ৰচনা কৰিব বিচৰা হৈছে। চলিত চৰকাৰৰ কেবিনেটক সুবিধাবাদী ঐক্যমঞ্চ আখ্যা দিয়ে কাৰ্যকৰী সভাপতি কোঁৱৰে।

মুকলি হৈ বীৰ লাচিত সেনাৰ নেতা চিতু বৰুৱাই কয়- ক’লা শিয়ালৰ চিঞঁৰত বাঘ নপলাই।আন্দোলন নকৰোতেই ইমান ভয়। মুখ্যমন্ত্ৰী হোৱা দুদিন হৈছে।এতিয়াৰ পৰা সংগ্রাম তীব্রতৰ হ’ব। আগন্তক ৫ বছৰত প্ৰতিদিনেই প্ৰতিবাদৰ সন্মুখীন হ’বলৈ সাজু থাকক'।

অসম ছাত্ৰ-যুৱ সন্মিলনৰ নেতা জিন্টু মেচে মুকলি হৈ-চৰকাৰৰ মুৰব্বী জনৰ আশু-আৰোগ্য কামনা কৰে।বিধানসভাত অগণতান্ত্ৰিক আচৰণ কৰি গণতান্ত্ৰিক প্ৰতিবাদৰ মুখা-মুখী হবলৈ ভয় কৰে বুলি তেওঁ মন্তব্য কৰাৰ লগতে কয় যে, কেইজনমান অযোগ্য বিধায়কৰ সন্মুখত নিজক যোগ্য বুলি পৰিচয় দিব বিচাৰিছে ৷

"শাসনভাৰ লোৱা তিনিদিন হওঁতেই যি হিটলাৰী শাসন আৰম্ভ কৰিছে তাৰ ফল ভুগিবলৈ সাজু হওক।গাদীৰ বাবে মানুহ হত্যা কৰা জনে অসমবাসীকো ক্ষমতাৰ বাবে হত্যা কৰিব' -ৰাইজৰ দলৰ সম্পাদক পদ্মকান্ত দাসে মুকলি হৈ এইদৰে কয়।

Your Comments