পঞ্চদশ অসম বিধানসভাৰ পবিত্ৰ সদনত সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰাৰুদ্ধ বিধায়ক অখিল গগৈক মানসিক ৰোগত আক্রান্ত বুলি কৰা মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত দিয়া মন্তব্যক ক্ষুৰধাৰ সমালোচনা একাংশ সমৰ্থক তথা সচেতন ৰাইজৰ।
মুখ্যমন্ত্ৰী গৰাকীয়ে বিধায়ক গগৈৰ বিৰুদ্ধে কৰা তীৰ্যক মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গগৈৰ পত্নী গিতাশ্ৰী তামুলীয়ে।গগৈৰ পত্নীয়ে সামাজিক মাধ্যম ফেচবুকত স্বামীক মানসিক ৰোগত আক্রান্ত বুলি কৰা মন্তব্য সন্দৰ্ভত কয়-“বহু বছৰ পাৰ হৈ গ'ল কলেজৰ লাইব্ৰেৰীত বহি ফ্ৰয়েড পঢ়িছিলোঁ।তেতিয়াই পঢ়া বাক্য এটা মনত ৰৈ গ'ল, Normal man is a rare phenomenon. স্বাভাৱিক নৰ বা নাৰী এটা মিথ্, এটা সমাজে গঢ়ি তোলা ধাৰণা। তাত্ত্বিক জটিলতালৈ নগৈ নিজৰ কথাকে যদি ভাবোঁ, এই সমাজৰ ধ্যান-ধাৰণাৰ প্ৰেক্ষাপটত বহু সময়ত মোৰ নিজকে এজন মানসিক ৰোগী যেনেই লাগে"।
"আপুনি, মই বা অখিল মানসিক ৰোগী হওঁ বা নহওঁ, এটা কথা নিশ্চিত, মানসিক ৰোগো শৰীৰৰ ৰোগৰ দৰেই ৰোগ।কাৰোবাৰ যদি হৈছে, সু-স্বাস্থ্যৰ কামনা কৰোঁ আহক।ইয়াক লৈ তাচ্ছিল্য, হাঁহি মানি ল'ব নোৱাৰোঁ।ব্যক্তিগত ভাৱে মই মৰম বুজাবলৈ ব্যৱহাৰ কৰাৰ বাহিৰে পাগল, পাগ্লা, পাগ্লী আদি শব্দ ৰোগী বুজাবলৈ ব্যৱহাৰ নকৰো।ৰোগ এটা কেতিয়াও গালি বা উপহাসৰ কাৰণ হ'ব নোৱাৰে"- গগৈৰ পত্নী গীতাশ্ৰীয়ে আবেগিক ভাৱে লিখিছে এইদৰে।
"ৰাজনৈতিক কথাবোৰত একো ক’বলৈ মন নাই।কিন্তু মানসিক ৰোগ সম্পৰ্কত আমাৰ সকলোৰে সংবেদনশীলতা বাঢ়িব লাগে বুলি অন্তঃকৰণেৰে বিশ্বাস কৰোঁ।আমাৰ ডেজিগনেটেড মুখ্যমন্ত্ৰীৰ পৰা মাননীয় জনপ্ৰতিনিধিসকললৈ, তৰুণ ছাত্ৰ সকলৰ পৰা বয়ষ্ক শিক্ষকসকললৈ, সাংবাদিক সকলৰ পৰা ফেচবুকৰ বন্ধু সকললৈ'- গিতাশ্ৰীয়ে কয়।
গুৰুত্বপূৰ্ণ যে বিগত ডেৰ বছৰৰো অধিক সময় কাৰাবন্দী হৈ থকা বিধায়ক গৰাকীৰ স্বাস্থ্যৰ অসুস্থতাৰ বাবে বিগত ৪মাহৰো অধিক সময় গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন হৈ আছে।
- Log in to post comments
- 96 views