*বিৰোধী দলপতিৰ উপস্থিতিত ১লাখ নিবনুৱাক গণি-গণি সংস্থাপন দিম- সদনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ঘোষণা*
পঞ্চদশ অসম বিধানসভাৰ সামৰণি দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰিলে সদনক সম্বোধন। ৰাজ্যপালে প্ৰদান কৰা অভিভাষণক ধন্যবাদ জনাই ডঃ শৰ্মাই।নিৰ্বাচিত সকলোকে শুভেচ্ছা-আদৰণি জনাই তেওঁ।
ভাষণৰ আৰম্ভনিতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সোঁৱৰণ কৰি কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জাতিক প্ৰাণ দিছিল।জনসাধাৰণৰ আশা-আকাংশা পূৰণ কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে দিনটোৰ ২৪ ঘণ্টাই কাম কৰি যাব বুলি শৰ্মাই লগতে কয়।
উল্লেখ্য, সদনত সম্বোধনৰ আৰম্ভণি ক্ষণত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ আৰু সৰ্বানন্দ সোণোৱালকো স্মৰণ কৰে। তেওঁলোকৰ আদৰ্শৰে কাম কৰি যোৱাৰো প্ৰতিশ্ৰুতি দি কয়- যোৱা ৫বছৰে আৰম্ভ কৰা উন্নয়নৰ ধাৰাবাহিকতা আগন্তুক দিনত অব্যাহত থাকিব।
'কংগ্ৰেছ চৰকাৰৰ দিনত বিভিন্ন গোষ্ঠীগত সংঘৰ্ষই তেজৰ ফাকু খেলিছিল।যিয়ে আমাৰ হৃদয়ত গভীৰ বেদনাৰ সৃষ্টি কৰিছিল। কিন্তু যোৱা পাঁচ বছৰত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই৷ নতুন অসমৰ বুনিয়াদ নিৰ্মান হৈছে'- মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়।
ইফালে স্বাধীনতাৰ পিছৰ পৰা প্ৰথমবাৰ অসমত অ-কংগ্ৰেছী চৰকাৰে ধাৰাবাহিকভাৱে দুবাৰ বিজয়ী হৈ অসমৰ ৰাজনীতিত এক নতুন অধ্যায় সৃষ্টি কৰা বুলিও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যৰ মূল্যবোধৰ নতুন ৰাজনীতি প্ৰতিষ্ঠা কৰিলে। বিধানসভাত বিৰোধীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ চৰকাৰী পক্ষৰ লগত থাকিব বুলিও তেওঁ কয়।
'কংগ্ৰেছৰ শাসনত বিদ্বেষৰ বীজ ৰোপণ হোৱা ৰাজ্যত আমাৰ কাৰ্যকালত শান্তিৰ মলয়া বতাহ বৈছে।ইতিহাসে অসমৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক অন্যতম সফল চৰকাৰ বুলি গণ্য কৰিব'- ডঃ শৰ্মাই কয়।
আনহাতে বিৰোধীয়ে দুটা কথা অধিক কোৱাৰ স্বাৰ্থত সদনৰ সময় বৃদ্ধিত শাসকীয় পক্ষৰ কোনো আপত্তি নাই বুলি উল্লেখ কৰি তেওঁ কয়- চৰকাৰখন ৰেলপথৰ পৰা আঁতৰি গ’লে ৰেলপথলৈ ঘুৰাই অনাত বিৰোধীয়ে কথা কওক।
অ’এনজিচি-ৰ অপহৃত বিষয়া ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ বাবে আলফা (স্বা)ক সদনৰ পৰা ধন্যবাদ জনায় । শান্তিৰ অসম নতুন প্ৰজন্মৰ অধিকাৰ। পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ।
আনহাতে বিধায়ক অখিল গগৈক শপত গ্ৰহণৰ বাবে বিধানসভালৈ অনা বিতৰ্ক সন্দৰ্ভত তেওঁ কয়- ক’ভিড প্ৰ’টকলৰ বাবে আহল -বহলকৈ বাছত বহুৱাই অনা হৈছে গগৈক'।
বিগত পাঁচ বছৰত বিজেপিয়ে অধিক কাম কৰিছে।স্বাক্ষৰতাৰ দিশত শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অসম আছে। ক’ভিড ব্যৱস্থাপনাত শীৰ্ষ ৰাজ্যৰ ভিতৰত অসম থাকিব । ছিক্কিমক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যক অক্সিজেন অসমে দি আছে। ৰাজ্যৰ ক’ভিড নিয়ন্ত্ৰণ আন কোনো ৰাজ্যৰ লগত তুলনা নহয়৷ ঝাৰখণ্ড, তেলেংগানাকো অসমে প্ৰয়োজনীয় ঔষধ যোগান ধৰিছে।অসমৰ এগৰাকীও ৰোগীয়ে আইচিইউ নোপোৱাকৈ থকা নাই।
কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাৰ প্ৰসংগ টানি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়- নিৰ্বাচনোত্তৰ কালচোৱাত ক’ভিড ব্যৱস্থাপনাত কংগ্ৰেছে নির্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰদান কৰি স্পীডব্ৰেকাৰ লগাই দিছিল। কংগ্ৰেছৰ মানসিকতাত সংশোধনৰ প্ৰয়োজনীয়তা থকা বুলিও তেওঁ কটাক্ষ কৰে।
অসমে বহিঃৰাজ্যলৈ ৰেমডিচিভিৰ যোগান ধৰিছে।এয়া নতুন অসমৰ উদাহৰণ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ- মুখ্যমন্ত্ৰীয়ে কয়।
প্ৰতিশ্ৰুতি অনুসৰি ১লাখ ল’ৰাক গণি-গণি চাকৰি দিম৷সেই সভাত বিৰোধী দলপতিক বিশেষ অতিথি হিচাপে নিমন্ত্ৰণ কৰিম বুলি উল্লেখ কৰি শৰ্মাই কয়-মাইক্ৰ’ ফাইনেন্সৰ ঋণ মাফ কৰিম৷
গহপুৰ-নুমলীগড়ত নতুন দলং শীঘ্ৰে আৰম্ভ হ’ব৷ব্ৰহ্মপুত্ৰত খনন সম্ভৱ নহলেও বানৰ পৰা অসমক মুক্ত কৰাৰ বাবে উপনৈ সমূহ খননৰ চেষ্টা চলোৱা হ’ব।লগতে বানমুক্ত অসম নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে কাম কৰি থাকিব৷ কিন্তু মথাউৰি নিৰ্মাণৰ কাৰণে বেলেগ এটা এজেন্সি গঠন কৰা হ’ব বুলি সদনত ঘোষণা কৰে।
এন আৰ চি পুনৰীক্ষণৰ প্ৰতিশ্ৰুতি পালন কৰা হ’ব।মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ, বিৰোধীয়েও এৰি নিদিব।মাদ্ৰাছা খুলিবলৈ কোনো কাৰণত দিয়া নহ’ব।
"সংকল্প লৈছো বেয়া কাম নকৰো৷ বেয়া কাম হ’লে বিৰোধীয়ে দেখুৱাই দিব' -প্ৰথমখন অধিৱেশনত ডঃ শৰ্মাই এইদৰে কয়।
- Log in to post comments
- 18 views