বিদায় 'Internet Explorer'! জনপ্ৰিয় ৱেব ব্ৰাউজাৰ বন্ধৰ ঘোষণা মাইক্ৰোচফ্টৰ

Internet Explorer

যাত্রা ইমানতে শেষ গ’ল ইন্টাৰনেট এক্সপ্লোৰাৰৰ। যুগৰ সৈতে তাল মিলাই চলি যাব নোৱাৰিলে। ধীৰ গতিৰ বাবে সামাজিক মাধ্যমত কার্যতঃ হাঁহিৰ খোৰাক হৈছিল এসময়ৰ জনপ্রিয় এই ৱেব ব্রাউজাৰ। অৱশেষত ব্রাউজাৰ বন্ধৰ ঘোষণা কৰিলে মাইক্রোচফ্টে। বৰ্তমান ২০২২ চনৰ ১৫ জুন পর্যন্ত ব্যৱহাৰ কৰিব পাৰিব ইন্টাৰনেট এক্সপ্লোৰাৰ। 

Edge

মাইক্রোচফ্টৰ এজ্ ব্রাউজাৰটো হ’ব  ইন্টাৰনেট এক্সপ্লোৰাৰৰ বিকল্প। এজ্‌ ব্ৰাউজাৰৰ ব্যৱহাৰ হ’ব অধিক মসৃণ আৰু দ্রুত, জনালে মাইক্রোচফ্টৰ এজ প্রোগ্রাম মেনেজাৰ চিন লিন্ডাৰচেই। 

Internet Explorer

তেওঁৰ মতে এই বছৰৰ শেষৰ পৰাই কম্পিউটাৰত থকা ইন্টাৰনেট এক্সপ্লোৰাৰ কার্যত বিকল হৈ থাকিব ৷ আগষ্টৰ মাজৰপৰা মাইক্রোচফ্টৰ অন্‌লাইন পৰিসেৱা যেকে অফিচ ৩৬৫, ওৱান ড্রাইভ, আউটলুক ইত্যাদিত আৰু 'ছাপোর্ট' নাপাব এক্সপ্লোৰাৰৰ। 

ইন্টাৰনেট ব্রাউজিঙৰ পৃথিৱীত গুগল ক্রোম, ইউছি ব্রাউজাৰ, ফায়াৰ ফক্স, অ’পেৰাৰ দৰে দ্রুত ব্রাউজাৰ সমূহৰ সৈতে দৌৰত পিছ পৰি ৰ’ল ইন্টাৰনেট এক্সপ্লোৰাৰ। গুৰুত্বহীন হৈ পৰা এই ব্রাউজাৰ ব্যৱহাৰ নকৰে কোনেও। 

Internet Explorer

অৱশেষত বিদায়লগ্ন সমাগত। মাইক্রোচফ্টে এজ্‌ৰ অধিক প্ৰচাৰ কৰিবলৈ ইন্টাৰনেট এক্সপ্লোৰাৰক বিদায় জনোৱাৰ সিদ্ধান্ত ল’লে  ৷

Your Comments