বিধায়ক স্বামী অখিল গগৈৰ শপত গ্ৰহণৰ বিশেষ দিনটোত পত্নী গিতাশ্ৰীয়ে লিখিলে এইদৰে, পঢ়ক

Akhil Gogoi

গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ বিশেষ কেবিনৰ পৰা কাৰাৰুদ্ধ বিধায়ক অখিল গগৈক অসম বিধানসভালৈ উলিয়াই নিয়া দৃশ্য দেখি আৱেগিক হৈ পৰিল পত্নী গিতাশ্ৰী তামূলী।আৰক্ষী- অৰ্ধসামৰিক  বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীত কাৰাবন্দী বিধায়ক স্বামীক বিধায়ক হিচাপে শপত গ্ৰহণৰ বাবে উলিয়াই নিয়া দৃশ্য দেখি আৱেগিক হৈ পত্নী তামুলীয়ে লিখিছে- বাকহীন-
মুচুকুন্দৰ দৰে বহু যুগৰ পাচত সাৰ পাই ল'ৰাই সুধিলে, "মুখ্যমন্ত্ৰী হ'লনে? দেউতা কেতিয়া ওলাব?"

পত্নী গৰাকীয়ে নিজৰ ফেচবুক একাউণ্টত জিএমচিএইচৰ পৰা উলিয়াই নিয়া ফটো প্ৰকাশ কৰি লিখিছে- “এন্দ্ৰইদ ফোনৰ স্ক্ৰিণত এই 'ঐতিহাসিক' মুহূৰ্তৰ সাক্ষী হ'লো।”

গুৰুত্বপূৰ্ণ কথা বিগত ডেৰ বছৰৰো অধিক সময় কাৰাবন্দী হৈ আছে অখিল গগৈ।কাৰাগাৰৰ পৰাই নির্বাচনত অৱতীৰ্ণ হৈ শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে বিধান সভালৈ নিৰ্বাচিত হৈছিল কাৰাবন্দী নেতাগৰাকী।

Your Comments