বৃদ্ধি পাইছে আন্তৰ্জাতিক চাপ; দুই-এদিনৰ ভিতৰতে যুদ্ধ বিৰতিৰ আশা গাজাত

israel-pelestine war

কেইদিনমানৰ ভিতৰতে যুদ্ধবিৰতিৰ আশা প্রকাশ কৰিছে হামাছৰ কর্মকর্তাসকলে। আজি, বৃহস্পতিবাৰে এই খবৰ জনোৱা হৈছে।

যুদ্ধবিৰতিৰ বাবে হামাছৰ উচ্চ পর্যায়ৰ কর্মকর্তাসকলে এনে আশা ব্যক্ত কৰিলেও ইজৰাইলৰ প্রধানমন্ত্রী বেনিজামিন নেতানিয়াহুয়ে যোৱা বুধবাৰেই জনাই দিছিলে, ইজৰাইলী নাগৰিকসকলৰ বাবে শান্তি আৰু নিৰাপত্তা ঘুৰি নহা পর্যন্ত আক্ৰমণ চলাই যোৱাৰ বিষয়ে তেওঁ একৰকমৰ দৃঢ়।

আন্তর্জাতিক চাপ উপেক্ষা কৰি পেলেষ্টাইনৰ গাজাত বিমান-আক্ৰমণ চলাই গৈছে ইজৰাইলে ৷ আজি ৰাতিপুৱা বেলা গাজাৰ উত্তৰত বিমান আক্ৰমণ চালাই ইজৰাইলে । উত্তৰত গাজাৰপৰা ইজৰাইলক লক্ষ্য কৰি ৰকেট এৰিছে পেলেষ্টাইনী সশস্ত্র সংগঠনসমূহে।

গাজাত ইজৰাইলী আক্রমণৰ ফলত বৰ্তমানলৈকে কমপক্ষেও ২২৭ জন পেলেষ্টাইনী নিহত হৈছে। তাৰ ভিতৰত ১০০ জনৰ অধিক নাৰী আৰু শিশু। আহত হৈছে প্ৰায় দেৰ হাজাৰ সাধাৰণ মানুহ।

ইজৰাইলৰ দাবী, গাজাত তেওঁলোকৰ আক্ৰমণত কমপক্ষেও ১৫০ জন 'সন্ত্রাসবাদী’ নিহত হৈছে। অৱশ্যে ইজৰাইলী আক্ৰমণত সংগঠনৰ সদস্যসকলৰ প্রাণহানিৰ বিষয়ে হামাছে কোনো তথ্য প্ৰকাশ কৰা নাই।

ইজৰাইলৰ ভাষ্য, গাজাৰপৰা বৰ্তমানলৈকে প্রায় ৪ হাজাৰ ৰকেট এৰা হৈছে। ৰকেটত ২ শিশু-সহ ১২ জন নিহত আৰু অন্ততঃ ৩০০ জন লোক আহত হোৱাৰ দাবী কৰিছে ইজৰাইলে।

হামাছৰ ৰাজনৈতিক কর্মকর্তাই লেবাননৰ এটা টেলিভিছন চেনেলত কৈছে, তেওঁ লক্ষ্য কৰিছে যুদ্ধবিৰতিৰ বাবে যি প্রচেষ্টা সমগ্ৰ বিশ্বত চলিছে সেয়া সফল হ’ব  এই যুদ্ধবিৰতি পাৰস্পৰিক বুজা-বুজিৰ ভিত্তিতেই হ’ব।

Your Comments