আমেৰিকাৰ ডিজিজ কন্ট্ৰোলৰ ক’ভিড নিৰ্দেশিকা অবৈজ্ঞানিক, দাবি ভাৰতীয় গৱেষকৰ

USA

আমেৰিকাৰ ‘দ্য ছেন্টাৰ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনচন’-এ যোৱা সপ্তাহত জনাইছিল, টিকাকৰণ সম্পূর্ণ হৈ যোৱাৰ পিছত সকলোৱে মাস্ক নোহোৱাকৈ বাহিৰলৈ যাব পাৰিব। এই ঘোষণা সন্দৰ্ভত আৰম্ভ হৈছে বিতর্ক। তাৰ মাজতে ভাৰতীয় গৱেষকসকলে জনাইছে,, এই ঘোষণা সম্পূর্ণ অবৈজ্ঞানিক। ভাৰতত এই ধৰণৰ কোনো ঘোষণা কৰা সম্ভৱ নহয় বুলি জনাইছে তেওঁলোকে।

Coronavirus

১৭ মে’ পর্যন্ত আমেৰিকাত ১৮ বছৰৰ ঊর্ধ্বৰ ৪৭.৪ শতাংশ মানুহৰ টিকাকৰণ সম্পূর্ণ হৈছে। এই প্রসঙ্গত ইণ্ডিয়ান মেডিকেল এছোছিয়েশ্যন (আইএমএ)-ৰ প্রেছিডেন্ট জে এ জয়লালে কৈছে, ‘‘কোনো দেশৰ অন্ততঃ ৭০ শতাংশ জনগণক টিকা দিয়া সম্পূর্ণ হ’লে তাৰ পিছতেই হার্ড ইমিউনিটি সৃষ্টি হয়। সেয়ে ভাৰতত এই ধৰণৰ কোনো ঘোষণা সম্ভৱ নহয়। কাৰণ এই সিদ্ধান্তৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাই।’’

India

ভাৰতত এই মুহূর্তত ভাইৰাছৰ অধিক মাত্রাত সংক্রামক প্রজাতিৰ দ্বাৰা সংক্রমণ হৈছে বুলিও জনাইছে জয়লালে ৷ তেওঁ কৈছে, ‘‘ভাৰতত ক’ৰ’নাৰ যি প্রজাতি দেখা গৈছে, সেইটো যথেষ্ট বেছি শক্তিশালী। এই মুহূর্তত যি টিকা দিয়া হৈছে, তাৰ আগৰ প্রজাতিৰ ক্ষেত্রত ৭০ৰপৰা ৮০ শতাংশ কার্যকৰী আছিল আৰু বর্তমান প্রজাতিৰ ক্ষেত্রত ৪০ ৰপৰা ৫০ শতাংশ কার্যকৰী। সেয়ে দুয়োটা টিকা লোৱা মানেই ভাইৰাছৰপৰা সম্পূর্ণ সুৰক্ষিত হৈ যোৱা নহয়।’’

Vaccine

সংক্রমণ আৰু টিকাকৰণৰ ক্ষেত্রত ভাৰত আৰু আমেৰিকাৰ মাজত তুলনা কৰা সম্ভৱ নহয় বুলি জনাইছে আইএমএ-য়ে ৷ তেওঁলোকৰ তৰফৰপৰা কোৱা হৈছে, দুইখন দেশৰ জনসংখ্যা, ভাইৰাছ আৰু টিকাৰ প্রকৃতি, জনগণৰ ৰোগ প্রতিৰোধ ক্ষমতা একে নহয়। সেয়ে দুই দেশৰ ক্ষেত্রত একে ধৰণৰ নিয়ম কার্যকৰী নোহোৱাই স্বাভাৱিক।

Your Comments