বিশেষ প্ৰতিবেদক,হাজো :
দেশৰ লগতে সমগ্ৰ ৰাজ্যতে সম্প্ৰতি ক'ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অক্সিজেনৰ অভাৱত ইতিমধ্যে অনেক লোকে মৃত্যুক আঁঁকোৱালি ল'বলগীয়া হৈছ।তেনে সময়তে কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ দদৰা নিৱাসী ভৱেশ দাস আৰু তেওঁৰ দুই পুত্ৰ ক্ৰমে লহৰজ্যোতি দাস আৰু ৰক্তিম দাসে অতি কম খৰছত প্ৰস্তুত কৰি উলিয়াইছে এটি মেকানিকেল ভেন্টিলেটৰ ৷
ভেন্টিলেটৰটিৰ উদ্ভাৱক ভৱেশ দাসে জানিবলৈ দিয়া মতে সাম্প্ৰতিক সময়ত ক’ৰ'না মহামাৰীয়ে দেশৰ লগতে ৰাজ্যত ভয়াৱহতাৰ সৃষ্টি কৰিছে ৷ ক’ভিডত আক্ৰান্তসকলক প্ৰয়োজন হৈ পৰিছে ভেন্টিলেটৰ আৰু অক্সিজেন ৷ বজাৰত ভেন্টিলেটৰৰ দাম বহুত,সেয়েহে ভেন্টিলেটৰ কি দৰে কম খৰছত নিৰ্মাণ কৰিব পাৰি তাৰ পদ্ধতিসমূহ বিভিন্ন মাধ্যমৰ জৰিয়তে জানিব লৈ পাৰি ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়তে ভেন্টিলেটৰ প্ৰস্তুতৰ চিন্তা-চৰ্চা কৰি অনলাইন যোগে ’পাৰ্টচ’সমূহ ক্ৰয় কৰে ৷ পাৰ্টচৰ ভিতৰত আছে অম্বুবেগ, ক'নট্ৰলাৰ,মটৰ, ইণ্ডিকেটৰ আদি ৷ ইয়াৰে অম্বুবেগ নামৰ পাৰ্টচটি অসমত পোৱা নাযায় ৷ অনলাইন যোগে গুজৰাটৰ পৰা আনিব লগা হৈছে ৷ ইয়াৰ দাম প্ৰায় ৭৫০০ টকা ৷ ভৱেশ দাস আৰু তেওঁৰ দুই পুত্ৰই প্ৰায় এমাহ মানৰ মূৰত ভেন্টিলেটৰৰ প্ৰথম মডেল নিৰ্মাণ কৰা পিছত গোৱা আই আই টিয়ে মডেলটো লৈ যায় ৷ এইবাৰ ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশতে ত্ৰাস সৃষ্টি কৰাৰ সময়তে ভেন্টিলেটৰ দ্বিতীয় মডেলৰ বাবে বেঙ্গালুৰুৰ ’চেলকো ফাউণ্ডেচন’ নামৰ এটা এন জি অ’ই অৰ্ডাৰ কৰে ৷
বেঙ্গালুৰুৰ এন জি অ'টোৰ পৰা অৰ্ডাৰ লাভ কৰাৰ পিছতে ভৱেশ দাসে দুই পুত্ৰৰ সৈতে একান্ত মনে মেকানিকেল ভেন্টিলেটৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ পৰে ৷ ইতিমধ্যে দ্বিতীয় মডেলৰ মেকানিকেল ভেন্টিলেটৰ নিৰ্মাণ হৈ উঠিছে ৷ ইয়াৰ বজাৰ মূল্য হ'ব মাত্ৰ ১৫ হাজাৰ টকা ৷ উক্ত মেকানিকেল ভেন্টিলেটৰটো এচ, ডিচি অথবা চোলাৰৰ সহায়তো চলিব ৷ ১২ ভল্টৰ বেটাৰী সংগ্নন্ন মেকানিকেল ভেন্টিলেটৰটো বিদ্যুৎ নহ'লেও ৫-৬ ঘন্টা চলিব ৷ গ্ৰামাঞ্চলত ইয়াৰ ব্যৱহাৰ উত্তম হব ৷ নিৰ্মাণ হৈ উঠা মেকানিকেল ভেন্টেলিটৰটো বেঙ্গেলুৰুৰ এন জি অ’টিয়ে লৈ যাব ৷ ইয়াৰ পিছত তৃতীয় মডেলৰ বাবে গুৱাহাটীৰ জিএনআৰচি হাস্পতালৰ পৰা অৰ্ডাৰ লাভ কৰিছে ভৱেশ দাসে।কাম আৰম্ভ হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ প্ৰথম মডেলতকৈ দ্বিতীয় মডেলত কিছু কিছু সুবিধা বেছি আছে ৷ আকৌ তৃতীয় মডেলত ইয়াতকৈও বেছি সুবিধা থাকিব ৷ বৰ্তমান অৰ্থৰ অভাৱৰ বাবেও কিছু থমকিব লগা হৈছে ৷ গোৱা, মধ্য প্ৰদেশ আৰু বেঙ্গালুৰুৰ চিকিৎসকসকলৰ লগতো এই সন্দৰ্ভত ভৱেশ দাস আৰু তেওঁৰ দুই পুত্ৰই ভিডিঅ' কনফাৰেন্স জৰিয়তে বাৰ্তালাপ কৰে বুলি উদ্ভাৱকগৰাকীয়ে জানিবলৈ দিয়ে ৷ ইয়াৰ পূৰ্বেও উদ্ভাৱক ভৱেশ দাসে ৰবৰৰ চেনিটাইজাৰ মেচিন, হেণ্ড ওৱাচ আদি উদ্ভাৱন কৰিছিল ৷ জালুকবাৰী সমষ্টিৰ দদৰা নিবাসী উদ্ভাৱক ভৱেশ দাসে সদায় নতুন উদ্ভাৱনা কামত নিজকে নিয়োজিত কৰি ৰাখিছে ৷ তেওঁক সকলো দিশতে সহায় কৰে দুই পুত্ৰই ৷ ডাঙৰ পুত্ৰই ইলেক্ট্ৰনিকছৰ তৃতীয় চেমিষ্টাৰ আৰু সৰু পুত্ৰই ইলেকট্ৰিকেলৰ প্ৰথম চেমিষ্টাৰ অধ্যয়ন কৰি আছে ৷উদ্ভাৱক ভৱেশ দাসৰ এনে প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে আৰু তেওঁক আদৰণি জনাইছে।
- Log in to post comments
- 10 views