নিয়মিত গৰুৰ মূত্র পান কৰাৰ বাবে এতিয়াও ক’ৰ’নাত আক্রান্ত হোৱা নাই তেওঁ- দাবী কৰিছে বিজেপিৰ ভোপালৰ সাংসদ প্রজ্ঞা ঠাকুৰে। সেয়ে ক’ভিডৰপৰা ৰক্ষা পৰাৰ বাবে তেওঁৰ ঔষধ গো-মূত্র।
সোমবাৰে এখন দলীয় সভাত তেওঁ কয়, ‘‘আমি যদি নিয়মিত দেশীয় গৰুৰ মূত্র পান কৰো তেতিয়া ক’ভিডত আক্রান্ত শ্বাসযন্ত্ৰৰ স্বাস্থ্যও ভাল হৈ যাব''। মন্ত্রীগৰাকীয়ে ক’লে, "মোৰো শ্বাসযন্ত্ৰৰ সংক্রমণ ঘটিছিল। অনেক যন্ত্রণাত দিন পাৰ কৰিছিলোঁ। তাৰপৰা ৰক্ষা পাইছো গো মূত্র পান কৰি। বৰ্তমান নিয়মিত গোমূত্র পান কৰোঁ, সেই কাৰণে ক’ৰ’নাৰ বাবে আৰু কোনো ঔষধ মই খাব লগা হোৱা নাই। মোৰ কোনোদিন ক’ৰ’না নহ’ব।” গো-মূত্র জীৱনদায়ী ঔষধ বুলি মানে প্রজ্ঞা ঠাকুৰে ৷
গোমূত্রৰ প্রতি চিৰকাল ভৰসা ৰাখি আহিছে সাংসদ গৰাকীয়ে। তেওঁৰ বিশ্বাস কৰে, গোমূত্রৰ লগতে গৰুৰপৰা প্রাপ্ত অন্যান্য উপাদান খালে কেন্সাৰ ৰোগৰপৰাও মুক্তি পোৱা যায়।
- Log in to post comments
- 11 views