অৱশেষত মঙ্গলগ্ৰহত অৱতৰণ কৰিলে চীন দেশৰ তিয়ানৱেন-১ এ

Mars

ইতিহাসত নাম লিখিলে চীনে। বহু কেইখন প্রথম শাৰীৰ দেশক পিছ পেলাই চীন উপস্থিত হ’ল মঙ্গলত।

মঙ্গল গ্ৰহলৈ যোৱাৰ দৌৰত ভাৰত, মার্কিন যুক্তৰাষ্ট্র, ৰাছিয়া আৰু ইউৰোপীয় ইউনিয়নৰ লগত একে শাৰীত ঠিয় দিয়াৰ লক্ষ্যৰে যোৱা বছৰ জুলাই মাহত মঙ্গলগ্ৰহৰ উদ্দেশ্যে পঠিয়াইছিল চীনৰ মঙ্গলযান 'তিয়ানৱেন-১'ক। শনিবাৰে ৰাতিপুৱা এই চীনা মঙ্গলযানখনে নিৰাপদ আৰু সফলভাৱে অৱতৰণ কৰিলে মঙ্গল গ্রহত। 

এই অভিযানত চীনে মঙ্গলগ্ৰহলৈ পঠিয়াইছিল যানৰ দুটা অংশ। এটা অৰবিটাৰ, যি মঙ্গলৰ কক্ষপথত ঘুৰিব আৰু আনটো অংশ ৰোভাৰ, যি অৱতৰণ কৰিব। সংশ্লিষ্ট মহলৰ মত, চীনৰ সফল মঙ্গল গ্রহত অৱতৰণে বিশ্বক দেখুৱাই দিলে, উন্নত ইন্টাৰপ্লেনেটাৰী স্পেছ সক্ষমতা থকা আৰু এখন দেশ আছে।

নাছাৰ এছোছিয়েট এড্‌মিনিষ্ট্ৰেটৰ ফৰ চায়েঞ্চ থমাছ জুৰবুচেনে টুইটাৰত চীনক অভিনন্দন জনাইছে। সেই টুইটত তেওঁ লিখিছে--এই অভিযানে মঙ্গলগ্ৰহক বুজাৰ ক্ষেত্রত বিশেষ অৱদান আগবঢ়াব, এই প্রত্যাশাই আছে।

চীনৰ ৰাষ্ট্রীয় টেলিভিচনসমূহত এই অৱতৰণ সম্পর্কীয় কোনো ৰিপোর্ট দেখুৱা হোৱা নাই। কিন্তু এই অভিযান সফল হোৱাৰ বহু ঘণ্টাৰ পিছত এই বিষয়ে এটা অনুষ্ঠান সম্প্রচাৰিত হয়।

এই চূড়ান্ত সফলতাৰ পিছত জি জিনপিঙে মহাকাশ সংস্থাৰ বিজ্ঞানী আৰু কর্মকর্তাসকলক ধন্যবাদ জনায়। তেওঁ কয় যে--এই অভিযান আমাৰ দেশৰ এৰোস্পেছৰ প্রচেষ্টাৰ ক্ষেত্রত আন এক সফলতা।

মঙ্গলগ্ৰহক তিনি মাহৰো অধিক সময় ধৰি প্রদক্ষিণ কৰিছে এই তিয়ানৱেন-১-এ। তাৰপিছত সি ৰোভাৰৰ সৈতে অৰবিটাৰৰপৰা আঁতৰি আহি মঙ্গলৰ মাটিত আহি পৰে। সেই সময়ত স্পেছক্ৰাফ্টখন আগৰ দৰেই ছেভেন মিনিটছ্‌ অফ্‌ টেৰোৰৰ অভিজ্ঞতাৰ মুখামুখি হয়। স্পেছক্রাফ্টখনত হিট শ্বিল্ড আছিল। সি প্রাথমিক খুন্দাৰপৰা সৃষ্টি হোৱা উত্তাপৰপৰা ৰক্ষা কৰিছে। 

Your Comments