মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটৰ সিদ্ধান্ত সমূহ পঢ়ি লওঁক

HBS cabinet

মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত প্ৰথমখন কেবিনেট বৈঠক। ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভত আলোচনা হয় বৈঠকত। বৈঠকৰ সিদ্ধান্ত সমূহ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।

কেবিনেটত গ্ৰহণ কৰা হয় বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সপ্তাহৰ প্ৰতি বুধবাৰে ১১ বজাৰপৰা ২বজাৰ ভিতৰত অনুষ্ঠিত হ’ব কেবিনেট। ইয়াৰোপৰি উক্ত বৈঠকতে মন্ত্ৰী কেশৱ মহন্ত আৰু পীয়ূষ হাজৰিকাক কেবিনেটৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হয়।

HBS cabinet

আজিৰ বৈঠকত ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভতো পৰ্যালোচনা হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বুধবাৰে প্ৰকাশ পাব কঠোৰ নীতি-নিৰ্দেশনা। ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্রধানে ব্যাখ্যা কৰিব নিৰ্দেশনাসমূহ। দিনৰ ১১ বজাত প্ৰকাশ পাব এছঅপি।

ৰাজ্যৰ ক’ভিড পৰিস্থিতি অধ্যয়নৰ বাবে প্ৰতিজন মন্ত্ৰীক দুখনকৈ জিলাৰ দায়িত্ব দিয়া হৈছে। তিনিদিনৰ ভিতৰত জিলাৰ প্ৰতিবেদন দিব লাগিব মুখ্যমন্ত্ৰীৰ হাতত।

অহা কেবিনেটত আৰ্থিক অনুদান সন্দৰ্ভত লোৱা হ’ব সিদ্ধান্ত। ১লাখ নিবনুৱাক নিযুক্তি দিয়াৰ সিদ্ধান্ত কাৰ্যকৰী কৰিবৰ বাবে গঠন কৰা হৈছে কমিটী। বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত গঠিত কমিটিয়ে এক  মাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন।

মাইক্ৰ’ ফাইনেন্সৰ ঋণ সন্দৰ্ভতো আলোচনা কৰা হয় বৈঠকত। ঋণ ৰেহাই দিয়া সন্দৰ্ভতো লোৱা হ’ব পাৰে সিদ্ধান্ত। সমগ্ৰ বিষয়টো মন্ত্ৰী অশোক সিংঘালৰ অধ্যক্ষতাত কমিটিয়ে অধ্যয়ন কৰিব।

Your Comments