বিধায়ক অখিল গগৈক শপত গ্ৰহণত উপস্থিত থকাৰ অনুমতি নিয়া আদালতৰ

Akhil Gogoi

কাৰাবন্দী বিধায়ক অখিল গগৈক শপত গ্ৰহণৰ বাবে অনুমতি প্ৰদান কৰিলে নিয়া আদালতে। বিধায়ক হিচাপে শপত গ্ৰহণৰ দিনা বিধানসভালৈ আহিব পাৰিব গগৈ।

উল্লেখ যোগ্য যে বিধায়ক হিচাপে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ আৰু শপত লোৱাৰ অনুমতি বিচাৰি আদালতত আৱেদন জনাইছিল গগৈয়ে ৷ উক্ত আবেদনৰ ভিত্তিতেই শপত গ্ৰহণৰ দিনটোত বিধানসভাত উপস্থিত থকাৰ অনুমতি প্ৰদান কৰিছে আদালতে।

গুৰুত্বপূৰ্ণ কথা যে কা আন্দোলন কৰি বিগত ১৮মাহ ধৰি কাৰাবন্দী হৈ আছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

Your Comments