ৰাজ্যিক বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্তৰ ঘোষণা 'মাহত এটাদিন সংবাদ মাধ্যমক সম্বোধন কৰিম'

HBS on their party office at Hengerabari

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত সোমবাৰে প্ৰথমবাৰলৈ হেঙেৰাবাৰী বিজেপি কাৰ্যালয়ত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী বিমল বৰা প্ৰমুখ্যে একাংশ দলীয় কর্মী। কাৰ্যালয়ত উপস্থিত হৈ তেওঁ কয়-ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অহাৰ মূলতে আমাৰ দলৰ কর্মীসকল। তেওঁলোকৰ ত্যাগ, কষ্ট আৰু সাধনাৰ বাবে জয়ী হৈছোঁ'।

শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে কাম-কাজ আজি সন্ধিয়া ৬ বজাৰ কেবিনেটৰ পিছৰ পৰাই গ্ৰহণ কৰিব। তাৰ প্ৰাক্‌ক্ষণত দলৰ ৰাজ্যিক কাৰ্যালয়লৈ আহি দলৰ কাৰ্যকর্তালৈ শ্ৰদ্ধা- কৃতজ্ঞতা জনাই নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে।

ইফালে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত সংবাদ মাধ্যমক মাহত ১দিন সম্বোধন কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী হিচাপে যাতে ভাষ্য খেলি-মেলি নহয় তাৰ বাবে এই ব্যৱস্থা অৱলম্বন বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

Your Comments