​​হিমন্তৰ মন্ত্ৰী সভাত শিক্ষা, বিত্ত, স্বাস্থ্য কাৰ কাৰ ভাগ্যত পৰিল! চূড়ান্ত দপ্তৰ তালিকাখন পঢ়ি জানি লওঁক

HBS

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ দপ্তৰ বিতৰণ।চুড়ান্ত দপ্তৰ তালিকা প্ৰকাশ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত গৃহ, গড়কাপ্তানী পাৰ্চনেল বিভাগ।

কেশৱ মহন্তক দিয়া হৈছে স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য-প্ৰযুক্তি বিভাগ।


ইউ জি ব্ৰহ্মক দিয়া হৈছে হস্ততাঁত- বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী উন্নয়ন (বিটিছি)।

চন্দ্ৰমোহন পাটোৱাৰীক পৰিবহন, উদ্যোগ- বাণিজ্যক,দক্ষতা বিকাশ, সংখ্যালঘূ উন্নয়নৰ দায়িত্ব প্ৰদান কৰা হৈছে।

List of ministers

অশোক সিংহালক গুৱাহাটীৰ উন্নয়ন, নগৰ উন্নয়ন, জলসিঞ্চন বিভাগঅৰ্পণ কৰা হৈছে।

অজন্তা নেওগক দিয়া হৈছে বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ দায়িত্ব ৷

পিযুছ হাজৰিকাক দিয়া হৈছে সংসদীয় পৰিক্ৰমা, জনসংযোগ, জলসম্পদ বিভাগ। 

ৰনোজ পেগুক  শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

ৰঞ্জিত দাসক পঞ্চায়ত- গ্ৰামোন্নয়ন গ্ৰাম্যউন্নয়ন, জনস্বাস্থ্য কাৰীকৰি, খাদ্য আৰু অসামৰিক যোগান,  গ্ৰাহক পৰিক্ৰমা বিভাগ দিইা হৈছে।

যোগেন মহনক ৰাজহ আৰু দুৰ্যোগ প্ৰশমন,পাৰ্বত্য উন্নয়ন, খনিৰ দায়িত্বত ৰখা হৈছে।

অতুল বৰাক দিয়া হৈছে কৃষি, পশুপালন, সীমান্ত উন্নয়ন, অসম চুক্তি ৰূপায়ন বিভাগ।

পৰিমল শুক্লবৈদ্যক আবকাৰী, বন আৰু মীন বিভাগ অৰ্পণ কৰা হৈছে।

সঞ্জয় কিষাণক শ্ৰম-নিয়োগ, চাহ জনজাতি উন্নয়ন বিভাগৰ দায়িত্বত ৰখা হৈছে ৷


বিমল বৰাক দিয়া হৈছে সাংস্কৃতিক পৰিক্ৰমা, ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি আৰু পৰ্যটন বিভাগ।

উল্লেখ্য যে, দিল্লীয়ে চুড়ান্ত কৰিছে মন্ত্ৰী সভাৰ দপ্তৰ।সোমবাৰে ৰাতিয়েই প্ৰেৰণ কৰা হৈছিল দিল্লীলৈ।

Your Comments