আজি ৬ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্তৰ প্ৰথমখন কেবিনেট: ক'ভিড পৰিস্থিতি ৰোধৰ বাবে ১৫দিনলৈ হ'ব পাৰে ডাঙৰ ঘোষণা!

HBS

মঙলবাৰে সন্ধিয়া ৬বজাত অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠক। পৰিস্থিতিগত কাৰণত দিনৰ ১১বজাত অনুষ্ঠিত হ’ব লগা বৈঠকখন সন্ধিয়ালৈ অনুষ্ঠিত কৰা হৈছে।

উল্লেখ্য যে সোমবাৰে শপত গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ ১৪জনীয়া মন্ত্ৰীসভাই। তাৰ পিছতে সংবাদমেল যোগে কেবিনেট বৈঠকৰ কথা ঘোষণা কৰা হৈছিল।

গুৰুত্বপূৰ্ণ যে ক'ভিড পৰিস্থিতি সন্দৰ্ভত আজি কেবিনেটত  আলোচনা হোৱাৰ কথা। বৈঠকখনতে ক’ভিডৰ দ্ৰুত বৃদ্ধি প্ৰতিৰোধৰ বাবে ১৫ দিনৰ কঠোৰ নীতি-নিৰ্দেশনা গৃহীত কৰা হ’ব পাৰে!

ইতিমধ্যে আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগৰ সৈতে ১৫দিনৰ কঠোৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত সোমাবাৰে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মা।

Your Comments