মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোনে কি বিভাগ পাইছে পঢ়ি জানি লওঁক

HBS

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ দপ্তৰৰ তালিকা প্ৰকাশ। নতুন মন্ত্ৰীসভাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাসহ ১৪ গৰাকী মন্ত্ৰীৰ দপ্তৰ ইতিমধ্যে প্ৰকাশ পাইছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত ৰাখিলে গৃহ-ৰাজনৈতিক, বিত্তীয়, স্বাস্থ্য, উচ্চ শিক্ষা আৰু অন্যান্য বিভাগ। 

ৰঞ্জিত কুমাৰ দাসৰ হাতত থাকিব খাদ্য-অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা, শিক্ষা আৰু সংসদীয় পৰিক্ৰমা।

অতুল বৰাক কৃষি আৰু পশুপালন বিভাগৰ দায়িত্ব দিয়া হৈছে। উল্লেখ্য যে সোণোৱাল মন্ত্ৰী সভাতো উক্ত বিভাগৰে দায়িত্বত আছিল বৰা।

ইউ.জি ব্ৰহ্মক সমাজ কল্যান, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন বিভাগ প্ৰদান কৰা হৈছে।

পৰিমল শুক্ল বৈদ্যক বন, পৰ্যটন আৰু আবকাৰী বিভাগ অপৰ্ণ কৰা হৈছে। উল্লেখ্য সোণোৱাল মন্ত্ৰীসভাতো উক্ত বিভাগৰ মন্ত্ৰী আছিল শুক্ল বৈদ্য।

চন্দ্ৰমোহন পাটোৱাৰীক পৰিবহন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৰখা হৈছে।

কেশৱ মহন্তক ভূমি সংৰক্ষণ আৰু জলসম্পদ বিভাগৰ দায়িত্বত ৰখা হৈছে।

ৰনোজ পেগুক মীন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্ব দিয়া হৈছে।

সঞ্জয় কৃষাণক শ্ৰম উন্নয়ন আৰু চাহ জনজাতি উন্নয়নৰ বিভাগৰ মন্ত্ৰী হিচাপে নিয়োগ কৰা হৈছে।

যোগেন মহনক দিয়া হৈছে জনস্বাস্থ্য কাৰীকৰি আৰু তথ্য-প্ৰচাৰ সংযোগ বিভাগৰ দায়িত্ব।

অজন্তা নেওগক গড়কাপ্তানী, ছপাশাল বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷ উল্লেখ যোগ্য যে তৰুণ গগৈ চৰকাৰৰ দিনতো নেওগে গড়কাপ্তানি বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল।

অশোক সিংহালক শক্তি, উদ্যোগ আৰু বাণিজ্যিক বিভাগত ৰখা হৈছে।

পিয়ুজ হাজৰিকাক জলসিঞ্চন, প্ৰাথমিক শিক্ষা, খেল আৰু যুৱ কল্যান বিভাগৰ দায়িত্বত ৰখা হৈছে।

বিমল বৰাক নগৰ উন্নয়ন, ৰাজহ আৰু দুৰ্যোগ প্ৰসমন বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব দিয়া হৈছে ৷

গুৰুত্বপূৰ্ণ কথা যে, দিল্লীৰ অনুমোদন পালে আনুষ্ঠানিকভাৱে দপ্তৰ সমূহ অৰ্পণ কৰা হ’ব।

Your Comments