৮ ছেপ্টেম্বৰৰ পৰা দুদিনীকৈ লক্ষ্ণৌৰ পি এ চি গ্ৰাউণ্ডত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় জেভলিন থ্ৰ' অপেন চেম্পিয়নশ্বীপ ২০১৮ত মাজুলীৰ ৰুণজুন পেগুৱে সোণৰ পদক লাভ কৰি অসম তথা মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে । সুদক্ষ খেলুৱৈগৰাকীৰ গৃহভূমি মাজুলীত এই খৱৰ বিয়পি পৰাৰ লগে লগে এক উলাহৰ বন্যা বৈছে ।
জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত স্বৰ্গীয় লক্ষ্যনাথ পেগুৰ নুমলীয়া কন্যা ৰুণজুন পেগুৰ এই সাফল্যত টি এম পি কে মাজুলী জিলা সমিতি, মাজুলী জিলা সাংবাদিক সন্থা, মিচিং সাহিত্য সভা, জেংৰাইমুখ ব্যৱসায় সন্থা, বৰপমুৱা গাঁও উন্নয়ন সমিতি, জেংৰাইমুখ মহাবিদ্যালয়, জেংৰাইমুখ টাউন উন্নয়ন সমিতি আদি বিভিন্ন দল-সংগঠনে আদৰণি জনোৱাৰ লগতে ভৱিষ্যতৰ খেলুৱৈ জীৱনৰ আৰু অধিক আগবাঢ়ি যোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে । উল্লেখ্য যে সোণৰ পদক বিজয়ী ৰুণজুন পেগুৱে ইয়াৰপূৰ্বেও জেভলিন থ্ৰ'ত সোণৰ পদক লাভ কৰিছে ।
- Log in to post comments
- 44 views