শপত গ্ৰহণৰ পূৰ্বে বিৰোধী নেতাসকললৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টেলিফোন, কিন্তু কিয়?

HBS

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ অনুষ্ঠানলৈ বিৰোধী নেতৃত্বক ব্যক্তিগত ভাৱে ফোন কৰি নিমন্ত্ৰণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু লগত শপত গ্ৰহণ কৰিব ১৩ জনকৈ কেবিনেট মন্ত্ৰীয়ে।

উল্লেখ্য যে শপত গ্ৰহণ অনুষ্ঠানলৈ ডঃ শৰ্মাই ব্যক্তিগত ভাৱে নিমন্ত্ৰণ জনালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, এআইইউদিএফ প্ৰধান বদৰুদ্দিন আজমলক।

Your Comments