১৩ জনীয়া কেবিনেট সহ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি শপত গ্ৰহণ:মন্ত্ৰী সভাত পুনৰবাৰ বঞ্চিত প্ৰশান্ত ফুকন

HBS

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি ১২ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। লগতে কেবিনেট মন্ত্ৰী হিচাপে ১৩গৰাকীকৈ বিধায়কে শপত গ্ৰহণ কৰিব।

কেবিনট মন্ত্ৰী হিচাপে অগপৰ পৰা দুগৰাকী আৰু ইউপিপিএলৰ পৰা এগৰাকীয়ে শপত ল’ব।

ইফালে প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্ৰী ৰূপে শপত ল’ব পাঁচখন নতুন মুখে।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ মন্ত্ৰী সভাত আজি কেবিনেট মন্ত্ৰী হিচাপে শপত ল’ব- বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, বিমল বৰা, সঞ্জয় কৃষাণ, অজন্তা নেওগ, ডাঃ অনুজ পেগু, পিযুছ হাজৰিকা, ইউ.জি ব্ৰহ্ম, অগপৰ সভাপতি অতুল বৰা, অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অশোক সিংঘাল, পৰিমল শুক্ল বৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহনে।

উল্লেখ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে প্ৰথমখন মন্ত্ৰী সভাত স্থান নোপোৱাটো প্ৰায় নিশ্চিত হৈছে।

Your Comments