মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আউত কৰি ডঃ হিমন্ত বিশ্ব শৰ্মা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। দিল্লী বৈঠকৰ পিছতে চূড়ান্ত হ’ল হিমন্তৰ নাম। দেওবাৰে বিজেপিৰ বিধায়িনী বৈঠকত বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিক ভাৱে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী ৰূপে ঘোষণা কৰিব।
গুৰুত্বপূৰ্ণ কথা যে সোণোৱালে ঘোষণা কৰা নাম সমৰ্থন কৰাৰ সম্ভাৱনা আছে সভাপতি ৰঞ্জিত দাসে।
তাৎপৰ্যপূৰ্ণ কথা দেওবাৰৰ বিধায়িনী দলৰ বৈঠকখন মুখ্যমন্ত্ৰী ঘোষণাৰ কেৱল আনুষ্ঠানিকতাহে। কেন্দ্ৰীয় নেতৃত্বৰে ইতিমধ্যে শনিবাৰে চূড়ান্ত কৰা হ’ল সকলো সিদ্ধান্ত।
- Log in to post comments
- 168 views
