বটদ্ৰৱাত সংখ্যালঘু ভোটাৰে নিৰ্ণায়কৰ ভূমিকা লোৱাৰ বাবে পৰাজিত হ'লো- আঙুৰলতা ডেকা

Angoorlata

বটদ্ৰৱা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হাতত শোচনীয় ভাৱে পৰাজিত হোৱাৰ মূল কাৰণ ব্যাখ্যা কৰিলে সদ্য প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই। সামাজিক মাধ্যম ফেচবুকৰ নিজৰ পেজত পৰাজয়ৰ মূল কাৰণ ব্যাখ্যা কৰি ডেকাই লিখিছে -"এইবাৰ বিধানসভাৰ নির্বাচন কিছু ব্যতিক্ৰম আছিল।বটদ্ৰৱা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল সংখ্যালঘু ভোটাৰে । সমষ্টিটোত জনগাঁথনিৰ প্রভাৱৰ ফলত সংখ্যালঘু ভোটাৰে একচেতীয় ভাৱে কংগ্ৰেছৰ পক্ষত ভোটদান কৰা বাবে বিজেপিয়ে পৰাজয় বৰণ কৰিব লগা হ’ল।সাম্প্ৰদায়িক মেৰুকৰণেৰে ইয়াক সম্পূৰ্ণ পৰিকল্পিত ভাৱে সম্পাদন কৰা হ’ল।সংখ্যালঘুৰ দ্ৰুত গতিত জনসংখ্যাৰ বৃদ্ধিয়ে খিলঞ্জীয়াক আজি বটদ্ৰৱাত সংখ্যালঘু কৰিলে"।

Facebook Post

"বটদ্ৰৱা সমষ্টিৰ দৰে এক সংখ্যালঘু বসতি প্ৰধান সমষ্টিত বিজেপিক পৰাস্ত কৰাটো অস্বাভাৱিক নহয়। য’ত এআইইউদিএফৰ দৰে উগ্ৰ সাম্প্ৰদায়িক শক্তিৰ সহযোগত কংগ্ৰেছ দলে খিলঞ্জীয়াৰ বিৰুদ্ধে নির্বাচনত প্ৰতিদ্বন্দীতা কৰিছিল"- পৰাজিত বিধায়িকা গৰাকীয়ে লগতে কয়।

সদ্য ঘোষিত নির্বাচনীৰ ফলাফলৰ তথ্য বিশ্লেষণ কৰি ডেকাই কয়- নির্বাচনত সংখ্যালঘু সমাজখনে উন্নয়নক একাষৰীয়া কৰি সম্পূৰ্ণ ধৰ্মৰ ভিত্তিত ভোটদান কৰিছিল।সংখ্যালঘু অঞ্চলত উন্নয়ন মূলক কাম তথা সমবিকাশৰ চিন্তাধাৰা তেনেই ভিত্তিহীন। বটদ্ৰৱাৰ বাবে ই চৰম দুৰ্ভাগ্যজনক"।

আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সমালোচনা কৰা প্ৰসংগ বৰ্তমান সামাজিক মাধ্যমত পুনৰ ভাইৰেল হোৱাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়িকা গৰাকীয়ে।

Your Comments