দিল্লীৰ অত্যাধুনিক চিকিৎসালয়ত অক্সিজেনৰ অভাৱত চিকিৎসকসহ মৃত্যু ঘটিছে ১২ গৰাকী ৰোগীৰ

Delhi covid situation

ক’ৰ’নাই সংহাৰৰ সৃষ্টি কৰা দেশৰ ৰাজধানী দিল্লীত আজি অক্সিজেনৰ অভাৱত মৃত্যু ঘটিছে চিকিৎসকসহ ১২  গৰাকী ৰোগীৰ ৷ দিল্লীত আজি অত্যাধুনিক চিকিৎসালয় হিচাপে খ্যাত বাট্ৰা হস্পিতালত অক্সিজেনৰ অভাৱতে ৰোগী  কেইজনে মৃত্যুক সাৱটি ল’বলগীয়া হয়।

বাট্ৰা হস্পিতালৰ কাৰ্যবাহী সঞ্চালক “ডাঃ শুধাংশু বংকাটা”ই জনোৱা মতে প্ৰয়োজনীয় সময়ত অক্সিজেনৰ যোগান ধৰিব নোৱাৰাৰ বাবেই চিকিৎসকসহ ৰোগী কেইগৰাকীৰ মৃত্যু ঘটে।

অক্সিজেনৰ অভাৱত মৃত্যু ঘটা চিকিৎসকগৰাকীৰ নাম হৈছে ডাঃ আৰ কে হিমথানি। কিছুদিন পূৰ্বে তেওঁ কোভিডত আক্ৰান্ত হৈছিল ৷ শেহতীয়াকৈ বাহিৰৰ ৰাজ্যৰ পৰা দিল্লীলৈ অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰি তোলাৰ ফলত দিল্লীত অক্সিজেনৰ অভাৱ বহু পৰিমাণে দূৰ হৈছে।

আজি শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে দিল্লীলৈ অক্সিজেন যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

Your Comments