“ক’ৰ’না যুদ্ধত ইমান সোনকালে জয় ঘোষণা কৰা উচিত নহয়”-বাইডেনৰ শীৰ্ষ চিকিৎসা উপদেষ্টা, অনতিপলমে লক্‌ডাউনৰো আহ্বান

Anthony Fauci

বিশ্বব্যাপী ক’ৰ’না সংক্রমণৰ এক তৃতীয়াংশই ভাৰতত। এই দেশৰ ক্রমশঃ অৱনতি হোৱা ক’ৰ’না পৰিস্থিতিক লৈ উদ্বিগ্ন বাইডেন প্রশাসনো। দ্বিতীয় ঢৌৰ সংক্রমণত বাধা দিবলৈ পুনৰ কেইসপ্তাহ মানৰ বাবে ভাৰতত লক্‌ডাউন জাৰি কৰাৰ পৰামর্শ দিলে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ  শীর্ষ চিকিৎসা উপদেষ্টা তথা মহামাৰীবিদ এন্টনি ফৌছিয়ে। 

Covid situation india

এক সাক্ষাৎকাৰত তেওঁ ক’লে যে, ভাৰতৰ এই মুহূর্তত অক্সিজেনৰ যোগান, পিপিই কিট আৰু অন্যান্য মেডিকেল সৰঞ্জামৰ প্রয়োজন। এই ভয়াবহ পৰিস্থিতিত সঙ্কট মোকাবিলা কমিটি গঠন কৰা উচিত যিয়ে সকলো দিশ চালি-জাৰি চাই ব্যৱস্থা ল’ব। কোনো চৰকাৰকে দোষ দিবলৈ নিবিচাৰি তেওঁ কয়, ক’ৰ’না যুদ্ধত ইমান সোনকালে জয় ঘোষণা কৰা উচিত নহয়। ইয়াৰোপৰি তেওঁ কয়, সমগ্ৰ দেশত অনতিপলমে লক্‌ডাউন ঘোষণা কৰা উচিত। ছয় মাহ জুৰি নহয়, অন্ততঃ সাময়িক ভাৱে এই লক্‌ডাউন ঘোষণা কৰা উচিত। সামাজিক সংক্রমণ ৰোধ কৰিবলৈ এইটোৱেই একমাত্র উপায়। 

Covid situation india

উল্লেখ্য, ভাৰতত বহু কেইখন ৰাজ্যই ইতিমধ্যে লক্‌ডাউন ঘোষণা কৰিছে। যোৱা মাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৈছিল, লক্‌ডাউন অন্তিম অস্ত্ৰ। প্ৰব্ৰজনকাৰী শ্রমিকসকলকো নিজৰ কর্মস্থলীৰপৰা গুচি নাহিবলৈ অনুৰোধ জনাইছিল মোদীয়ে। ৰাজ্য চৰকাৰ সমূহক তেওঁলোকৰ চোৱাচিতাৰ বাবেও অনুৰোধ জনাইছিল।

Covid situation india

কিন্তু যি হাৰত সংক্রমণ বৃদ্ধি পাইছে, দেশজুৰি অক্সিজেন সঙ্কট, নাগৰিকসকলৰ মাজত সচেতনতাৰ অভাৱ, এই সকলোবোৰ কাৰণত ভাৰতেও কি পুনৰ লক্‌ডাউনৰ পথটোৱেই ল’ব নেকি এতিয়া সেইটোৱেই বিচাৰ্য বিষয়।

Your Comments