মৰণোত্তৰ দেহদান কৰা নামনি অসমৰ প্ৰথমগৰাকী মহিলা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনিতা দেৱৰ স্মৃতিত আজি বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভনীতে প্ৰয়াত অনিতা দেৱৰ প্ৰতিচ্ছবিত পৰিয়ালৰ সদস্যৰ লগতে অনুষ্ঠানত উপস্থিত থকা সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট মৌণতা অৱলম্বন কৰে ৷ ইলোৰা বিজ্ঞান মঞ্চৰ জিলা সমিতিৰ সভাপতি ডাঃফিৰোজ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অনিতা দেৱৰ স্মৃতি চাৰণ কৰি তেঁৱৰ একমাত্ৰ পুত্ৰ সঞ্জীৱ দেৱৰ লগতে উত্তৰ বঙাইগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক কৃষ্ণ শিকদাৰ, স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ৰী ফনীভূষণ চৌধুৰী, বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দুলাল দেৱ, বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিচিত্ৰ শৰ্মা আদিয়ে বক্তব্য ৰাখে ৷
আনহাতে বিজ্ঞান মনস্কতাৰ সপক্ষে বক্তব্য ৰাখে ইলোৰা বিজ্ঞান মঞ্চৰ অসম শাখাৰ সাধাৰণ সম্পাদক কনকেশ গুপ্ত, পশ্চিমবংগ বিজ্ঞান মঞ্চৰ দাৰ্জিলিং জিলা সমিতিৰ উপ সভাপতি সঞ্জয় মজুমদাৰ, বঙাইগাঁৱৰ বিশিষ্ট চিকিৎসক ইতেশ বৰদলৈ, প্ৰাক্তন সাংসদ সত্যেন্দ্ৰনাথ ব্ৰহ্ম চৌধুৰী, বেংক এমপ্লইজ ফেডাৰেচন অৱ ইণ্ডিয়াৰ উত্তৰ পূৱ শাখাৰ সভাপতি দীনেশ কাকতি আৰু ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম কৰ্মকৰ্তা ডাঃ নাৰায়ণ দাসে ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ বাসিন্দা তথা চহৰখনৰ উত্তৰ বঙাইগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অনিতা দেৱৰ যোৱা ২৭ আগষ্টত পশ্চিম বংগৰ শিলিগুৰিৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটিছিল ৷প্ৰয়াত অনিতা দেৱে অসমত বিজ্ঞানমনস্কতা তথা কু-সংস্কাৰ মুক্ত চিন্তাধাৰা প্ৰসাৰণৰ স্বাৰ্থত ৮ বছৰ পূৰ্বেই ইলোৰা বিজ্ঞান মঞ্চৰ বঙাইগাঁও শাখা গঠনৰ দিনাই চিকিৎসা বিজ্ঞানৰ গৱেষণাৰ স্বাৰ্থত মৰণোত্তৰ দেহদান কৰিছিল ৷
কিন্তু শেহতীয়াকৈ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত অনিতা দেৱক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে পশ্চিম বংগৰ শিলিগুৰিলৈ লৈ গৈছিল আৰু তাতে পাৰামাউন্ট হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰত চিকিৎসাধীন অৱস্থাতে তেঁৱৰ পৰলোকপ্ৰপ্তি ঘটে ৷পিচত এই বাতৰি পোৱাৰ লগে লগে ইলোৰা বিজ্ঞান মঞ্চৰ বঙাইগাঁও শাখাই ৰাজ্যিক বিষয়ববীয়াৰ সহযোগত পশ্চিম বংগ বিজ্ঞান মঞ্চৰ দাৰ্জিলিং জিলা সমিতিৰ লগত যোগাযোগ কৰে আৰু মহিলাগৰাকীৰ একমাত্ৰ পুত্ৰ তথা বঙাইগাঁও ইউকো বেংকৰ কৰ্মচাৰী সঞ্জীৱ দেৱৰ ইচ্ছাত উত্তৰবংগ চিকিৎসা মহাবিদ্যালয়ত মাতৃৰ মৰণোত্তৰ দেহদান কৰা হয় ৷ মৰণোত্তৰ দেহদান কৰা অনিতা দেৱ হৈছে নামনি অসমৰ প্ৰথমগৰাকী মহিলা আৰু বঙাইগাঁও জিলাৰ প্ৰথমগৰাকী ব্যক্তি ৷
- Log in to post comments
- 18 views