আফগানিস্তানৰ পৰা আমেৰিকাৰ অন্তিমটো সৈন্য গোটৰ অপসাৰণ প্ৰক্ৰিয়া আৰম্ভ

Pic

*আকৌ শক্তিশালীভাৱে মূৰ দাঙি উঠিব পাৰে তালিবানে*

আফগানিস্তানত থকা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অন্তিমটো সৈন্য গোটক ১ মে'ৰ পৰাকাবুলৰ পৰা অপসাৰণ কৰিবলৈ আৰম্ভ কৰিছে।এই অন্তিমটো সৈন্য বাহিনী গোটত আছে ২,৫০০ মাৰ্কিন সৈনিক।

এই অপসাৰণ প্ৰক্ৰিয়াৰ সমাপ্তিয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বাবে এখন দীঘলীয়া যুদ্ধৰ সমাপ্তি ঘটাব।কিন্তু,মাৰ্কিন সৈন্যৰ প্ৰত্যহাৰৰ পিছত আফগানিস্তানত তালিবানে শক্তিশালীভাৱে মূৰ দাঙি উঠাৰ আশংকা প্ৰকট হৈছে।উল্লেখ্য যে আমেৰিকাৰ চৰকাৰে আফগানিস্তানৰ পৰা মাৰ্কিন সৈন্য অপসাৰণ কৰিবলৈ সন্মতি জনাই তালিবানৰ সৈতে ইতিমধ্যে চুক্তি কৰিছে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে উল্লেখ মাৰিছে ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ ২০ বছৰ পূৰ্ণ হোৱাৰ পূৰ্বে অপসাৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব।

Your Comments